নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ জেউতী সংঘৰ ৰঙালী বিহু সন্মিলন

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ‘বিহু অসমৰ জাতীয় উৎসৱ । কিন্তু এই বিহুক বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ গ’লেহে বৃহৎ অসমীয়া জাতিৰ সপোন বাস্তৱায়িত হ’ব । ইয়াৰ বাবে বিহু সন্মিলন আয়োজন কৰা উদ্যোক্তা – সংগঠন সমূহৰ লগতে অন্যান্য সকলেও চাহ বাগিছা বা অনা-অসমীয়া লোকৰ উঠি অহা প্ৰজন্মৰ মাজত বিহু কৰ্মশালাৰ দৰে কাৰ্য্যসূচীৰ আয়োজন কৰিব লাগিব । যাতে সকলোৱে বিহুক আদৰি ল’ব পাৰে । মৰিয়নিৰ সমীপৰ নগাধুলি অঞ্চলৰ অগ্ৰণী সামাজিক – সাংস্কৃতিক অনুষ্ঠান জেউতী সংঘৰ উদ্যোগত আজি অনুষ্ঠিত ৩২ সংখ্যক ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা অন্তৰংগ আলাপ অনুষ্ঠানত এইদৰে কয় বিশিষ্ট নাট্যকাৰ, শিক্ষাবিদ, সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই । ৩২ সংখ্যক ৰঙালী বিহু সন্মিলন আয়োজন কৰা জেউতি সংঘৰ এক ব্যতিক্ৰমী কাৰ্যসূচী “অন্তৰংগ আলাপ“ অনুষ্ঠানত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰে । নাট্যকাৰ, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই অন্তৰংগ আলাপত অংশগ্ৰহণ কৰা স্থানীয় ধৰ্মপ্ৰাণ ব্যক্তি সদানন্দ গগৈ, বিশিষ্ট সমাজকৰ্মী হবিবুল ৰহমান বৰদলৈ, চাহ জনগোষ্ঠীৰ যুৱক অশোক মাঝি, নেপালী সম্প্ৰদায়ৰ অসমীয়া যুৱক চন্দ্ৰ ছেত্ৰী, তিতাবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য প্ৰচাৰ সম্পাদক বিজিত বৰা, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি বিলাতী তাঁতী, জেউতী সংঘৰ উপদেষ্টা অনন্ত হাজৰিকা আদিয়ে মনোগ্ৰাহী অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰে । তাৰোপৰি স্থানীয় সমাজকৰ্মী ঘন গগৈ, বিমান চেতিয়া, প্ৰবীণ শৰ্মা, হৰি শৰ্মা, নাৰায়ণ শৰ্মা, প্ৰদীপ গগৈ, যোগেন শইকীয়া, আব্দুল হুছেইন, আমিৰুদ্দিন আহমেদ, কুঞ্জ শৰ্মা, চন্দ্ৰশেখৰ গুপ্তা আদি বহুসংখ্যক ব্যক্তিয়ে এই “অন্তৰংগ আলাপ“ অনুষ্ঠানত অংশগ্ৰহণ কৰে । নগাধুলি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত আজি এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত ৩২ সংখ্যক ৰঙালী বিহু সন্মিলনৰ লগতে জেউতী সংঘৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰা হয় । জেউতি সংঘৰ সভাপতি দিগন্ত হাজৰিকাই সংঘৰ পতাকা উত্তোলন কৰাৰ লগতে সংঘৰ প্ৰয়াত সদস্য সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে ৷ আনহাতে, বিহুৱান উত্তোলন কৰে উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি কল্যাণ কোঁৱৰে । শ্বহীদ তৰ্পণ কৰে জ্যেষ্ঠ ব্যক্তি লীলাচৰণ কলিতাই । ইয়াৰ পিছত পিঠাপনা, চিত্ৰাংকণ আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধিয়ালৈ আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু প্ৰদৰ্শনৰ লগতে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয় । তাৰোপৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমন্ত্ৰিত শিল্পী দিগন্ত শইকীয়া আৰু নৈমিষা শইকীয়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ।

You might also like