নিয়মীয়া বাৰ্তা, ১৫ মে’ : শদিয়া জিলা আৰক্ষী প্ৰশাসনৰ ধলা থানাৰ অন্তৰ্গত ছৈখোৱাৰ বোকাপথাৰ গাওঁস্থিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আঠ বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোক থিতাতে নিহত হোৱাৰ ঘটনাই তrব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ছৈখোৱা অঞ্চলতে। প্ৰাপ্ত তথ্য মতে, আজি পুৱা প্ৰায় ৮ বজাত এখন নতুন নম্বৰ প্লেট বিহীন বলে’ৰ পিক’আপ ভান বাহন আৰু এখন এ এছ ২৩ চিচি ১৭৩৭ নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বলে’ৰ পিকআপ ভানখনত শদিয়াৰ পৰা তিনিচুকীয়া অভিমূখে গৈ থকা পাঁচজন লোকৰ ভিতৰত তিনিজন নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ স্থানীয় আৰক্ষীয়ে জানিব দিয়া মতে শদিয়া শান্তিপুৰ নাহৰবাড়ী গাৱঁৰ দিলবাহদুৰ লোহাৰ (৬৪), ধনমায়া লোহাৰ (৫৬) আৰু বিনোদ লোহাৰ (৩৫) নিহত হয় ৷ বিনোদ লোহাৰে বলে’ৰ পিকাআপ ভানখন চলাইছিল বুলি আৰক্ষীয়ে জানিব দিছে ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সুৰজিত সোনাৰ (১৮) আৰু ধনমায়া বিশ্বকৰ্মাক (৫৫) অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ নিহত লোক তিনিজনৰ ভিতৰত এগৰাকী মহিলাও আছিল ৷ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ উল্লেখ যে শোকাৱহ দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ পিতৃ মাতৃ আৰু পুত্ৰ থিতাতে নিহত হয় ৷ স্থানীয় আৰক্ষীয়ে জানিব দিয়া মতে নিহত পিতৃ মাতৃদ্বয়ক নেপাল পঠিয়াবলৈ তিনিচুকীয়াত ৰেলত উঠাবলৈ পুত্ৰ বিনোদ লোহাৰে বলে’ৰ গাড়ীখন বেগেৰে চলাই গৈ থকা অৱস্থাত বলে’ৰখন নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ পৰা আহি থকা ডাম্পাৰখনত খুন্দা মাৰে। যাৰ ফলত আজ এই শোকাৱহ দূৰ্ঘটনাটো সংঘটিত হবলৈ পালে বুলি জানিবলৈ দিছে। আজি পুৱাৰ ভাগতে সংঘটিত এই শোকাৱহ দূৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজনকৈ সদস্যই প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই সমগ্ৰ ছৈখোৱা আৰু শদিয়া অঞ্চলতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল