সৰুক্ষেত্ৰীৰ ভক্তৰডবাত শিক্ষা সমল কেন্দ্ৰত সামাজিক হিচাপ পৰীক্ষকৰ প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও সমল কেন্দ্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়সমূহৰ সামাজিক হিচাপ পৰীক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। নলীগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমেদ। আজিৰ এই প্ৰশিক্ষণ শিবিৰত নলীগাও, ভক্তৰডবা , পিঠাদি পাম, তেলেৰীয়া, ভেৰাগাও আৰু কয়াকুছি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰতিখনৰ পৰা সামাজিক পৰীক্ষকৰ পৰা একজনৈ ব্যক্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সকলোকে সামাজিক হিচাপ পৰীক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য কি সেই বিষয়ে বহলাই কয়। প্ৰশিক্ষণ শিবিৰত কয়াকুছি পাথাৰ এম ই মাদ্ৰাছাৰ পৰা অহা সামাজিক হিচাপ পৰীক্ষকৰ সমন্বয়ক মহিদুল ইছলাম,১৩৫৪ নং কাৱৈমাৰী ৯ নং ব্লক প্ৰাথমিক বিদ্যালয়ৰ পৰা আমিৰ হামজা,জালকাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অহা ইদ্ৰিছ আলী,মধ্যপাকা এম ই মাদ্ৰাছাৰ পৰা অহা সাইজ উদ্দিন ,খৰধৰা নৱশক্তি ছলিম মেমোৰিয়েল এম ই মাদ্ৰাছাৰ পৰা অহা মনোৱাৰ হুছেইন, জীৱন লতা প্ৰাথমিক বিদ্যালয়ৰ পৰা অহা নুৰজাহান বেগম আদিয়ে বিভিন্ন বিষয়ত প্ৰশ্ন উত্থাপন কৰি অধিক জ্ঞান অৰ্জন কৰে। আজিৰ প্ৰশিক্ষণ শিবিৰত নলীগাও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিনে সামৰণি ভাষণ প্ৰদান কৰি বিশেষকৈ কোন বাৰে ছাত্ৰ-ছাত্ৰীক কি কি খাদ্য বিদ্যালয়ত খুওৱাব লাগে আৰু বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়সীমাৰ বিষয়ে কয়। আজিৰ প্ৰশিক্ষণ শিবিৰত পিঠাদি পাম মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক উৎপাল বায়নেও অংশগ্ৰহণ কৰি দু-আষাৰ কয়।
প্ৰেৰক আফতাব হুছেইন