নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিবহণ আয়ুক্তৰ কার্যালয়ত দিব্যাংগৰ প্রতিবাদ

নিযুক্তিত ৪ শতাংশ প্রাপ্য নিদিয়াৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ  ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে খালী পদ পূৰণৰ বাবে ইতিমধ্যে প্রকাশ কৰা বিজ্ঞাপনত ৰাজ্যৰ প্রতিবন্ধীসকলক প্রতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিবন্ধী আইন, ২০১৬ অনুসৰি প্রকাশিত বিজ্ঞাপনত দিব্যাংগসকলৰ বাবে ৪ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকিব লাগে যদিও বিভাগীয় কর্তৃপক্ষই ইয়াৰ ঊর্ধ্বত গৈ নিযুক্তি প্রক্রিয়াৰ বাবে বিজ্ঞাপন প্রকাশ কৰাত ক্ষুব্ধ হৈ উঠিছে প্রতিবন্ধী সুৰক্ষা সংস্থা, অসম৷ ন্যায্যপ্রাপ্য আদায়ৰ দাবীত বুধবাৰে সংগঠনটোৰ উদ্যোগত খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কার্যালয়ত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ প্রতিবাদস্থলীত উপস্থিত সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে বিভাগটোত চাৰি শতাধিক পদত নিযুক্তিৰ বাবে ১৫ জুলাইত বিজ্ঞাপন প্রকাশ কৰিছিল৷ কিন্তু পৰিতাপৰ বিষয় উক্ত বিজ্ঞাপনত অনুসূচিত জাতি–জনজাতিকে ধৰি বিভিন্ন শাখাত পদ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল যদিও প্রতিবন্ধীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে৷ বিজ্ঞাপন প্রকাশ হোৱাৰ পাছতে প্রতিবন্ধীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবীত নিযুক্তি প্রক্রিয়া চলোৱা অসম আৰক্ষী নিযুক্তি ব’ড আৰু পৰিবহণ আয়ুক্তক স্মাৰক–পত্র প্রদান কৰিছিলোঁ৷ কিন্তু ইয়াৰ পাছতো আজিকোপতি পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ফলত বিভাগটোৰ হেমাহিৰ বাবে ৮ আগষ্টতে আবেদনৰ সময়সীমা শেষ হৈ যায়৷ ফলত উপায়ান্তৰ হৈ বুধবাৰে সংস্থাটোৱে পুৱাৰে পৰা কার্যালয়টোৰ মুখ্য প্রৱেশদ্বাৰত অৱস্থান কৰি পৰিবহণ বিভাগৰ মইমতালি নচলিব, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী মুর্দাবাদ, পৰিবহণ আয়ুক্ত হুচিয়াৰ, হয় আমাক চাকৰি দিয়ক, নহয় আমাক গুলীয়াই মাৰক, ৪ শতাংশ হাৰত নিযুক্তিৰ ব্যৱস্থা কৰক, এই জুই জ্বলিছে, জ্বলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রায় ৫ বজাত বিভাগটোৰ জ্যেষ্ঠ অতিৰিক্ত আয়ুক্ত আৰ পাঠকে আহি এসপ্তাহৰ ভিতৰত বিষয়টো সমাধান কৰিব বুলি লিখিত প্রতিশ্রুতি দিয়াতহে সাময়িকভাৱে এই কার্যসূচী স্থগিত ৰাখে সংগঠনটোৱে৷

You might also like