নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : ভূটানৰ পৰা কুলু কুলু সুৰেৰে বি টি আৰৰ সদৰ জিলা কোকৰাঝাৰ আৰু চিৰাং জিলাক দ্বি-বিভক্ত কৰি দক্ষিণলৈ বৈ আহিছে চম্পাৱতী নৈ । নৈখনৰ বালি-শিল অতি উন্নত মানৰ । নৈখনত অবৈধভাৱে দিনে-নিশাই অবিৰতভাৱে খনন চলিয়েই থাকে বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতিৰে। ইয়াৰ বালি-শিল অসম-বেংগলৰ উপৰি বিদেশলৈকেও যায়। জনসাধাৰণক উপকৃত কৰি অহা নৈখনৰ এক কিলোমিটাৰ ব্যৱধানে ব্যৱধানে বাৰিষা টুলুঙা নাও আৰু খৰালি বাঁহৰ সাঁকোৰে জনসাধাৰণ ইপাৰ-সিপাৰ হ’ব লগা হয় । টুলুঙা নাৱত যাত্ৰীভৰ্তি কৰি চাইকেল, মটৰ চাইকেল, নানা বয়-বস্তু লৈ পাৰাপাৰ হোৱাত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অলেখ নজিৰ আছে । আনহাতে খৰালি দিনত বহুদূৰ বালিৰ ওপৰেৰে চাইকেল, মটৰ চাইকেল টানি টানি আনি বাঁহৰ সাঁকোৰে পাৰাপাৰ হওঁতে নৈৰ পানীত পৰাৰ নজিৰো কম নহয় । কাউনীয়াভাষা-তিৰীমাৰি ঘাট, খাগ্ৰাবাৰী ঘাট, কচুতোলা-পূৱকূৰ্শাকাটি ঘাট, বিজয়গাঁও ঘাট আদি চাৰি কিলোমিটাৰ ব্যৱধানত চাৰিটা ঘাটত এনেকৈয়ে চলি আহিছে ইয়াৰ জনসাধাৰণে। কিন্তু ইয়াৰে কচুতোলা-পূৱকূৰ্শাকাটি অতি গুৰুত্বপূৰ্ণ ঘাটত সুদীৰ্ঘ বছৰৰ পৰা পকী দলং হোৱাৰ কথা চলি আহিছে যদিও স্বাধীনতা লাভৰ ৭৫টা বছৰ অতিক্ৰম কৰিলে যদিও পকী দলঙৰ আধাৰশিলা আজিলৈকে স্থাপনে নহ’ল । জনপ্ৰতিনিধিৰ আশ্বাস আশ্বাস হৈয়ে থাকিল । সময়ে সময়ে কিন্তু অভিযন্তা, উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে জোখ-মাপ লোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । ৰাইজক আভুৱা-ভাঁৰা যেন ভাবিবলৈ লৈছে এতিয়া দুয়োপাৰৰ ৰাইজে । নৈখনৰ ওপৰত কেতিয়া পকী দলং হ’ব; তালৈ অধীৰ আশাৰে অপেক্ষা কৰি আছে অঞ্চলৰ দুয়োপাৰৰ ৰাইজে ।
প্ৰেৰক ভৃগু মুনি ৰায়