নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো মাধ্যম অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয়ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ সদ্যস্বাক্ষৰিত বড়ো চুক্তি অনুসৰি কালি বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয় আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত শিক্ষক দিৱসৰ অনুষ্ঠানতেই মুখ্যমন্ত্রীয়ে বিত্ত, শিক্ষা, স্বাস্থ্য, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এই সঞ্চালকালয়টো শুভ উদ্বোধন কৰে৷

উল্লেখ্য যে বড়ো মাধ্যমৰ প্রতিটো শিক্ষানুষ্ঠান এই সঞ্চালকালয়ত অন্তর্ভুক্ত হ’ব৷ ইতিমধ্যে মমতা হোজাইক বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে৷ আজি এই সঞ্চালকালয়ৰ শুভাৰম্ভৰ পাছতেই ইয়াৰ জৰিয়তে বড়ো মাধ্যমৰ লগতে আন জনগোষ্ঠীসকলৰ ভাষাৰ দিশত উত্তৰণ ঘটিব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ আনহাতে, বড়ো সঞ্চালকালয় সম্পূর্ণ স্বতন্ত্র হ’ব বুলি উল্লেখ কৰে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয়– প্রাথমিক, মাধ্যমিক আৰু উচ্চ সঞ্চালকালয়ত যি কর্তৃত্ব অন্তর্ভুক্ত হোৱা নাই, তেনে ক্ষমতাৰে অধিক শক্তিশালী হ’ব বড়ো সঞ্চালকালয়৷ যিয়ে বড়োসকলৰ প্রতিখন শিক্ষানুষ্ঠানক অন্তর্ভুক্ত কৰি বড়ো ভাষা, সংস্কৃতিক অধিক সুদৃঢ় কৰিব৷ তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বড়ো ভাষাৰ উন্নয়নৰ বাবে দি থৈ যোৱা দায়িত্ব ৰাজ্য চৰকাৰে এই সঞ্চালকালয় গঠনৰ জৰিয়তে পালন কৰিলে৷

ইফালে, বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় ভাষা সঞ্চালকালয় গঠনৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে৷ এই সঞ্চালকালয়ৰ জৰিয়তে বড়োসকলৰ এক দীর্ঘদিনীয়া দাবী তথা সমস্যা সমাধান হ’ল বুলিও তেওঁলোকে মন্তব্য কৰে৷

You might also like