বিশেষ বার্তা, ৮ জুলাইঃ আৱর্জনা নিষ্কাশনৰ বাবে অত্যাধুনিক সা–সঁজুলি থকাৰ পিছতো মহানগৰীত আৱর্জনাই কদর্য ৰূপ লৈছে৷ মহানগৰীৰ প্রান্তে প্রান্তে আৱর্জনাৰ দ’মে পৰিৱেশ প্রদূষিত কৰাৰ লগতে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ মহানগৰীৰ বিভিন্ন অঞ্চলত আৱর্জনাৰ দ’মে পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ জিএমডিএ আৰু জিএমচি কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞাহীনতাৰ বাবে আৱর্জনাৰ ডাষ্টবিনলৈ পর্যবসিত হৈছে মহানগৰীৰ বিভিন্ন পথ, উপ–পথ৷ তেনে এক পথ হৈছে সদাব্যস্ত বেলতলাৰ ত্রিপুৰা ৰোড৷ ছয়মাইল–জয়ানগৰ হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী সদাব্যস্ত ত্রিপুৰা ৰোডৰ এটা অংশ এতিয়া আৱর্জনাৰ দ’মে পুতি পেলাইছে৷ গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ গাফিলতিৰ বাবে ডাম্পিং গ্রাউণ্ডত পৰিণত হোৱা ত্রিপুৰা ৰোডৰ আশে–পাশে বসবাস কৰা লোকসকলৰ জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ ব্যস্ত এই পথটোত প্রতিদিনে পেলোৱা আৱর্জনা জিএমচি কর্তৃপক্ষই পৰিষ্কাৰ নকৰাৰ ফলত পূতিগন্ধময় পৰিৱেশৰ মাজেৰে ত্রিপুৰা ৰোডেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ গুৱাহাটী মহানগৰীক স্বচ্ছ, পৰিষ্কাৰ আৰু সৌন্দর্যশালী মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ কিন্তু আৱর্জনা নিষ্কাশনৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ অদূৰদর্শিতাৰ বাবে কদর্য মহানগৰীলৈ পৰিণত হোৱাৰ উপক্রম ঘটিছে ৰাজধানী চহৰ গুৱাহাটী৷ আৱর্জনাৰ দ’মে ব্যস্ত ত্রিপুৰা ৰোডৰ এটা অংশ বন্ধ কৰি পেলোৱাত যান–জঁট সৃষ্টি হোৱাৰ লগতে দুই–এটা সৰু–বৰ পথ দুর্ঘটনাও সংঘটিত হৈছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক ত্রিপুৰা ৰোডত আৱর্জনা পেলোৱা বন্ধ কৰাৰ বাবে বহুবাৰ আবেদন–নিবেদন কৰিছে অঞ্চলটোত বসবাস কৰা লোকসকলে৷ কিন্তু এইক্ষেত্রত আজিলৈকে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গুৱাহাটীত প্রতিদিনে ওলোৱা প্রায় ৫০০ টন আৱর্জনাৰ এক–তৃতীয়াংশ ত্রিপুৰা ৰোডত পেলাই আহিছে৷ ত্রিপুৰা ৰোডত পেলোৱা আৱর্জনা পশ্চিম বৰাগাঁৱৰ বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডলৈ নিয়মীয়াকৈ নিয়াৰ ব্যৱস্থা কৰা নাই জিএমচি কর্তৃপক্ষই৷ জিএমচি আৰু জিএমডিএ কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে গুৱাহাটী মহানগৰীয়ে এতিয়া কদর্য ৰূপ লৈছে৷ স্মার্ট চিটীৰ তালিকাত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীত ভয়াৱহৰূপে আৱর্জনাই প্রদূষণৰ সৃষ্টি কৰিছে৷ মহানগৰীত প্রতিদিনে ওলোৱা ৫০০ টন আৱর্জনা সংগ্রহৰ বাবে গুৱাহাটী পৌৰ নিগমে এনজি’ক দায়িত্ব অর্পণ কৰিছে৷ কিন্তু জিএমচি আৰু এনজি’সমূহৰ মাজত সমন্বয়হীনতাৰ অভাৱত আৱর্জনা নিষ্কাশন আৰু ব্যৱস্থাপনা এতিয়া প্রহসনত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ আৱর্জনা নিষ্কাশনৰ বাবে জিএমচি–এ অত্যাধুনিক মেচিন ক্রয় কৰাৰ লগতে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহ কৰিবলৈ কোটি কোটি টকা ব্যয় কৰি অট’টীপাৰ ক্রয় কৰিছিল৷ কিন্তু জিএমচি কর্তৃপক্ষ আৰু ঠিকাদাৰী প্রতিষ্ঠানৰ মাজত হোৱা কমিছনৰ অংকৰ বাবে এতিয়া অব্যৱহূত হৈ পৰিছে আৱর্জনা সংগ্রহৰ বাবে ক্রয় কৰা অট’টীপাৰ৷