🔴 খহনীয়াত ঘৰ-বাৰী, পথ নিশ্চিহ্ন হোৱাৰ উপক্ৰম
বিশেষ বাৰ্তা, ৮ জুলাই : উপৰ্যুপৰি দুৰ্যোগৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল। বিশেষকৈ বানে ধুৱাই নিয়া অঞ্চলসমূহৰ একাংশত ভূতৰ ওপৰতে দানহ পৰাদি খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে। নগৰৰ সমীপৰ কদম এলেকাত এনেদৰে বান আৰু খহনীয়া সৃষ্টি কৰি চেনীমাই নৈয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। তিনি দিন ধৰি চেনীমাই নৈৰ বানে কদম টেঙাবস্তি, কদম বালিজান আদি গাঁও বুৰাই ৰাখিছে। ৰাস্তা-ঘাট, ঘৰ-বাৰী, শস্য ক্ষেত্রৰ বিস্তৰ ক্ষতি হোৱা এই প্ৰবল বানৰ কবলত পৰা লোকক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসনে এছডিআৰএফ বাহিনীৰ সহায় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ বিপৰীতে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ। বহুকেইটা পকী ঘৰ খহনীয়াত উছন হোৱাৰ উপক্ৰম ঘটিছে। বিভিন্ন স্থানত এলেকাটো সংযোগী পথ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। বান আৰু খহনীয়াই ক্ৰমে তচনচ কৰি নিঃশেষ কৰাৰ উপক্ৰম কৰিছে এলেকাটোৰ সামগ্রিক পৰিৱেশ। নগৰৰ পৰা নাতিদূৰৈত নৈখনে এনেদৰে এটা অঞ্চল বিধ্বস্ত কৰি তোলাৰ পাছতো স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ পৰা জিলা প্ৰশাসনলৈকে কাৰোৰে চকু দিবলৈ আহৰি নাই। এইক্ষেত্ৰত তাৎক্ষণিকভাৱে ব্যবস্থা গ্রহণ নকৰিলে উপৰ্যুপৰি দুৰ্যোগৰ কবলত পৰি উক্ত এলেকাৰ জনসাধাৰণে জীয়াতু ভোগ কৰিবলগীয়া হোৱাৰ আশংকাই দেখা দিছে।
প্ৰেৰক জীৱন গোস্বামী