নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীতে সমাধান দুই পাহাৰীয়া জিলাৰ উগ্রপন্থী সমস্যা

মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী উপস্থিতিত তুলিৰামক আশ্বাস অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ শনিবাৰে নিশা আমিনগাঁৱৰ পৰিদর্শন বাংলোত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ তিনি পার্বত্য জিলাৰ একমাত্র সাংসদ হৰেনসিং বে’, বিধায়ক ডাঃ মানসিং ৰংপি, মুখ্য কার্যবাহী সদস্যৰ জ্যেষ্ঠ উপদেষ্টা এলউইন টেৰণ সম্বন্বিতে কার্যবাহী সদস্য মংগলসিং টিমুং আৰু লুনসিং টেৰণৰ লগতে সদস্য দর্চিং ৰংহাঙক লৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক এখন স্মাৰক–পত্র প্রদান কৰে মুখ্য কার্যবাহী ৰংহাঙে৷ স্মাৰক–পত্রখনৰ জৰিয়তে ২৪৪ (ক) ধাৰাৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য দাবীৰ বিষয়টো সময় নির্ধাৰিত আনুষ্ঠানিক আলোচনাৰ জৰিয়তে সোনকালে সমাধান কৰাৰ লগতে পাহাৰীয়া জিলা তিনিখনত স্থায়ী শান্তি স্থাপন কৰা আৰু ২০১১ চনৰ ‘মীমাংসাৰ চুক্তি’ৰ পুঁজি মঞ্জুৰ কৰাৰ উপৰি ‘বিটিচি চুক্তি’ৰ ৮নং দফাটো বিলুপ্ত কৰিবলৈ দাবী জনোৱা হয়৷ দীর্ঘসময় আলোচনাৰ অন্তত ২০২১ চনৰ জানুৱাৰী মাহত কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ উগ্রপন্থী সমস্যা নির্মূল কৰাৰ লগতে মীমাংসাৰ চুক্তি অনুসৰি শিক্ষা, স্বাস্থ্যৰ উপৰি আর্থিক জীৱনৰেখাৰ পথ নির্মাণৰ অর্থে বিশেষ আর্থিক পুঁজিৰ ব্যৱস্থাও আগন্তুক ফেব্রুৱাৰী মাহৰ ভিতৰত কৰাৰ আশ্বাস প্রদান কৰে গৃহমন্ত্রী শ্বাহে৷ এই আলোচনাকালত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে৷

You might also like