নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিকমন্ত্রীৰ তৎপৰতাত গুৱাহাটীত চিকিৎসাধীন তুলসী ওজা

নিয়মীয়ী বাৰ্তা ৮ জুলাইঃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ঢ়োলৰ সম্রাট তথা বিশিষ্ট লোকশিল্পী তুলসী ওজা৷ বিগত কিছুদিন ধৰি ঢ়োলৰ সম্রাটগৰাকী অসুস্থ হৈ শয্যাশায়ী হৈ আছিল৷ টিংখাঙৰ ৰাজগডৰ সমীপৰ ভালুকমৰা নিৱাসী শিল্পীগৰাকীৰ অসুস্থতা সন্দর্ভত স্থানীয় উদীয়মান যুৱক কৃষ্ণ শইকীয়াই এই কথা স্থানীয় বিধায়ক তথা সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী বিমল বৰাক হোৱাটছএপযোগে অৱগত কৰোৱাত মন্ত্রীগৰাকীয়ে তাৎক্ষণিকভাৱে বিষয়টো গুৰুত্বসহকাৰে লৈ সাংস্কৃতিক পৰিক্রমা বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰি শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে এখন এম্বুলেঞ্চৰ যোগেদি গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰে৷ কালি নিচেই পুৱাই ওজাগৰাকীক গুৱাহাটীলৈ নি বিবৰুৱা চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছে৷ সকলোৱে শিল্পীগৰাকীৰ সু–স্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছে৷ আনহাতে, লোকশিল্পীগৰাকীৰ প্রতি মন্ত্রী বিমল বৰাই লোৱা তাৎক্ষণিক পদক্ষেপক শলাগ লৈছে৷

You might also like