টুইটাৰ ট্ৰেণ্ডিঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাঃ দ্বিতীয় স্থানত #ThanxHimantaMama
নিয়মীয়া বার্তা, ২ জানুৱাৰী: টুইটাৰ ট্ৰেণ্ডিং হৈছে #ThanxHimantaMama। এই মুহূৰ্তৰ টুইটাৰ ট্ৰেণ্ডিঙত দ্বিতীয় স্থানত আছে থেংকছ হিমন্ত মামা। বিশেষকৈ ৩১ ডিচেম্বৰত দুৰ্ঘটনা ৰোধত সফল হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক এইদৰে কৃতজ্ঞতা জনাইছে টুইটাৰত।
উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি ৰাজ্যবাসীয়ে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হ’ল৷ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রতিবছৰে নৱবর্ষক আদৰাৰ নামত সুৰা সেৱন কৰি দুর্ঘটনাত পতিত হৈ অকালতে বহু যুৱকে কৰুণ মৃত্যুক সাবটি লৈছে যদিও এইবাৰ এজনো লোকৰ দুর্ঘটনাত মৃত্যু হোৱা নাই৷
মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ ৩১ ডিচেম্বৰৰ নিশা এজনো অসমীয়া যুৱকক দুর্ঘটনাত মৰিবলৈ দিয়া নহয় বুলি পণ লৈ পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীৰ এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছিল৷ তদুপৰি কোনো লোকে যাতে সুৰা সেৱন কৰি ৰাজপথত বাইক নচলায় তাৰ বাবে নাগৰিকক আহ্বান জনাইছিল৷ মুখ্যমন্ত্রীৰ আহ্বানক ৰাজ্যবাসীয়ে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হ’ল।