নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্ৰদেশৰ টিৰাপত ২ আলফা কেডাৰ আটক

নিয়মীয়া বাৰ্তা, ২২ জুলাই : অসম ৰাইফলছে আজি অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাত দুজন দুৰ্ধৰ্ষ আলফা (স্বাঃ) কেডাৰক আটক কৰাৰ তথ্য সেনাৰ এক সূত্ৰত পোৱা গৈছে। ১৫ আগষ্টৰ পূৰ্বে কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত প্ৰৱেশ কৰাৰ তথ্য অসম ৰাইফলছে লাভ কৰি অভিযান চলাই ৰিতুৰাজ গোহাঁই ওৰফে পুলিন অসম আৰু মণ্টু নেওগ ওৰফে মইনা অসমক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুই আলফা স্বাধীন অসমৰ তিনিচুকীয়া জিলাৰ গুইজান আৰু মাকুমৰ বুলি জানিব পৰা গৈছে। দুয়োজন আলফা স্বাধীনৰ কেডাৰে ২০২২ চনত আলফা স্বাধীনত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে অসম ৰাইফলছে দুই কেডাৰক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like