আৰক্ষীৰ নিৰন্তৰ অভিযান অব্যাহতঃ নগাঁৱত ২৪টা চোৰাং গৰুসহ দুজনক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ১৭ এপ্ৰিলঃ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে । আৰক্ষীৰ অভিযানৰ মাজতে একাংশ চোৰাং ব্যবসায়ীয়ে চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে । বিগত কেইবাদিনো ধৰি নগাঁও আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই শতাধিক চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে বহু কেইজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে যোৱা নিশা নগাঁও চহৰৰ সমীপৰ উৰিয়াগাৱত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই । নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নগাওঁ নগৰ আৰক্ষী চকীৰ উপপৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীয়ে যোৱা নিশা চলোৱা অভিযানত উৰিয়াগাঁৱৰ পৰা চোৰাং গৰু ভৰ্ত্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে এ এচ ০১ চি চি-৮২৬০ । আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ২৪ টা গৰু জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।ধৃতলোক দুজন হৈছে মেৰাজুল ইছলাম আৰু ছাইফুল ইছলাম।মেৰাজুলৰ ঘৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখত। চাইফুলৰ ঘৰ চামগুৰিৰ বাজিয়াগাঁৱত । উল্লেখ যে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়া ভাবে ব্যাপক হাৰত গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে । কৃষক ৰাইজে গৰু চুৰিৰ ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনায়।
প্ৰেৰক কনক হাজৰিকা