নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ৯০ কোটিৰ হেৰ’ইনসহ গ্রেপ্তাৰ অসমৰ ২ যুৱক

ম্যানমাৰৰ পৰা সৰবৰাহ বিহাৰৰ তিনিজনো ধৃত

নিয়মীয়া বার্তা,  ১২ ছেপ্টেম্বৰঃ দিল্লী আৰক্ষীৰ বিশেষ কোষে কালি এটা আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্র জালত পেলাবলৈ সক্ষম হৈছে৷ পাঁচজনীয়া চক্রটোৰ হাতৰ পৰা বিশেষ কোষৰ অভিযানকাৰী দলে জব্দ কৰিছে ২৩ কিলোগ্রাম উচ্চ গুণমানসম্পন্ন হেৰ’ইন৷ আন্তর্জাতিক বজাৰত এই হেৰ’ইনখিনিৰ মূল্য হ’ব প্রায় ৯০ কোটি টকা৷

দিল্লী আৰক্ষীৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া মতে, চক্রটোৱে বৃহৎ পৰিমাণৰ এই হেৰ’ইনখিনি ম্যানমাৰৰ পৰা মণিপুৰ হৈ নতুন দিল্লীলৈ সৰবৰাহ কৰিছিল৷ এখন ৱাগনাৰ আৰু এখন ছুইফটৰে চক্রটোৱে হেৰ’ইনখিনি নি থকা অৱস্থাত গোপন সূত্রৰ পম খেদি অভিযানকাৰী দলটোৱে জব্দ কৰাৰ লগতে পাঁচ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

লক্ষণীয়ভাৱে ধৃত পাঁচজনৰ দুজন অসমৰ গোলাঘাটৰ হোৱাৰ বিপৰীতে আন তিনিজন হৈছে বিহাৰৰ বাসিন্দা৷ ধৃত অসমৰ গোলাঘাটৰ যুৱক দুজনৰ নাম নিত্যানন্দ (২৮) আৰু ৰাহুল সন্দিকৈ (৩০) বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ উল্লেখ্য যে অভিযানকাৰী দলটোক নেতৃত্ব দিছিল দিল্লী আৰক্ষীৰ বিষয়া শিৱ কুমাৰ আৰু কৰমবীৰে৷

You might also like