নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই বাঙালী সংগঠনৰ নেতৃবৃন্দলৈ জাননী জাৰি

অসমীয়া ভাষাক অপমান

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ বৰাকৰ দুই বাঙালী সংগঠনে অসমীয়া ভাষাক কৰা অপমান সন্দর্ভত মহানগৰীৰ তিনিখন আৰক্ষী থানাত ৰুজু কৰা হৈছে তিনিটাকৈ গোচৰ৷ গোচৰ ৰুজু কৰাৰ সমান্তৰালভাৱে ইতিমধ্যে সংগঠন দুটাৰ নেতৃবৃন্দলৈ আৰক্ষীয়ে জাননী জাৰি কৰিছে৷ জানিব পৰা মতে, সমগ্র ৰাজ্যকে জোকাৰি যোৱা তথা অসমীয়াৰ স্বাভিমানত আঘাত হনা এই কার্য সন্দর্ভত গীতানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৫৩ এ আৰু ৫০৫ (২) আৰু পি ডি পি পি আইনৰ ৩(১) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে ৪৩২/২০২১ নম্বৰৰ গোচৰ৷ সেইদৰে অনুৰূপ ধাৰাৰ অধীনত হাতীগাঁও আৰক্ষী থানাত ৯০৪/২০২১ আৰু দিছপুৰ আৰক্ষী থানাত ৩৮২৩/২০২১ নম্বৰৰ গোচৰ দুটা ৰুজু কৰা হৈছে৷

দিছপুৰ আৰু হাতীগাঁও আৰক্ষী থানাই ৰুজু কৰা গোচৰ দুটাৰ বিপৰীতে বৰাক ডেম’ক্রেটিক য়ুথ ফ্রণ্টৰ মুখ্য উপদেষ্টা প্রদীপ দত্তৰয় আৰু উপদেষ্টা হৃষীকেশ দে’লৈ জাৰি কৰা হৈছে জাননী৷ গীতানগৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰটো সন্দর্ভত বৰাক ডেম’ক্রেটিক য়ুথ ফ্রণ্টৰ মুখ্য আহ্বায়ক কল্পৰনাভ গুপ্তা আৰু সদৌ বাঙালী ছাত্র যুৱ সন্থাৰ সভাপতি ৰাজু দেৱলৈ জাননী জাৰি কৰা হৈছে৷ ইফালে এই ঘটনা সম্পর্কত কালি শিলচৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সদৌ বাঙালী ছাত্র যুৱ সন্থাৰ সভাপতি ৰাজু দেৱ আৰু বিষয়ববীয়া সমৰ দাসক আজি আদালতে জামিনত মুকলি কৰি দিয়ে৷ উল্লেখ্য যে উক্ত বাঙালী সংগঠন দুটাৰ একাংশ সদস্যই যোৱা দেওবাৰে শিলচৰ ৰে’ল ষ্টেচনত এখন চৰকাৰী হর্ডিঙত থকা অসমীয়া আখৰত ক’লা ৰং সানি দিছিল৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছতো উগ্র বাঙালী জাতীয়তাবাদী একাংশই অনুৰূপ কার্য সংঘটিত কৰিছিল শিলচৰ আই এছ বি টিতো৷

You might also like