নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ১১ জুলাই : নগৰবেৰা ৰাজহ চক্ৰৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰত চৰকাৰী মাটিক লৈ দুই ফৈদৰ মাজত আজি তুমুল সংঘৰ্ষ হয়। দুটা ফৈদৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। ঘটনাস্থলীত বৃহৎসংখ্যক আৰক্ষীৰ লোক উপস্থিত হয়। আৰক্ষীৰ সন্মুখতেই দুই ফৈদৰ মাজত লাঠী জোং লৈ মাৰপিট অব্যাহত ৰয় বহুপৰলৈকে। অৱশেষত মন্দিৰা আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰনাধীন হয় যদিও অব্যাহত আছে চেপা উত্তেজনা। মালিবাৰী সত্ৰ এলাকাত চৰকাৰী মাটিক লৈ উক্ত বিবাদ। ঘটনাস্থলীত ছাইজুদ্দিন আলী, ৰমজান আলী, মফিজউদ্দিন আলী আৰু নূৰ হক আঘাত প্ৰাপ্ত হয়। সম্প্ৰতি আহতসকল নগৰবেৰা চিকিৎসালয়ত চিকিৎসাধীন। দুজনমানক জি এম চি এইচলৈও প্ৰেৰণ কৰা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like