নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা, দুটাকৈ কুখ্যাত ডকাইত আটক

ডকাইত দুটা ক্ৰমে বাক্সাৰ দিলীপ বিশ্বাস আৰু বজালীৰ ছহৰ উদ্দীন

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পঙ্কজ দাসে মৈৰাবাৰী বজাৰ এলেকাত চলোৱা এক অভিযানত দুজনকৈ কুখ্যাত ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ডকাইত দুটা ক্ৰমে বাক্সা জিলাৰ গোবৰ্ধনা থানাৰ অন্তৰ্গত বেন্নীবাৰীৰ দিলীপ বিশ্বাস আৰু বজালীৰ বাটোৱা গাঁৱৰ ছহৰ উদ্দীন বুলি জানিব পৰা গৈছে।

📌 কণ্ঠশিল্পী নীল আকাশক উভতি ধৰিলে নীলোৎপল বৰাই। 📌 ‘শুদ্ধটোক শুদ্ধ, অশুদ্ধটোক অশুদ্ধ ক’বলৈ সাহস থাকিব লাগে।’ 📌 ‘দিগন্ত ভাৰতীক অপমান কৰা মঞ্চত নীল আকাশে Diplomatic কথা ক’ব নালাগিছিল।’ 📌 ‘গুৰু বুলি মানিলে শিষ্যৰ ভূমিকা পালন কৰিব লাগে।’ 📌 ‘মই মাজত নাথাকো, Either Black or White’ 📌 দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা নোখোজা পৰ্যন্ত চানমাৰিত অনুষ্ঠান নকৰে সংগীত শিল্পী নীলোৎপল বৰাই।

দুয়োৰে পৰা আৰক্ষীয়ে AS14-L3823 নম্বৰৰ এটা বাজাজ পালচাৰ 220 বাইক, দুটা মোবাইল ফোন, চুৰি-ডকাইতি কাণ্ডত ব্যৱহৃত সন্দেহজনক সামগ্ৰীও জব্দ কৰে।

উল্লেখ যে দিলীপ বিশ্বাস নামৰ লোকজনক আৰক্ষীয়ে পূৰ্বতে ভৰিত গুলি কৰিছিল বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে অসমৰ বিভিন্ন থানাত পৃথকে পৃথকে ১৮ টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

প্ৰেৰক তাৰিকুল ইচলাম

You might also like