নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাৱে আহত

🔹 দীৰ্ঘ সময় ৰাষ্ট্ৰীয় ঘাইপথত পৰি ৰ’ল আহত যুৱকদ্বয়

নিয়মীয়া বাৰ্তা, ১১ মে’ : ৰঙিয়াত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনে । ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত এই পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী বাহনে খুন্দিয়ালে বাইকক । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী। পুৱতি নিশা আৰক্ষীয়ে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়। দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । একাংশই সন্দেহ কৰা মতে, নলবাৰী অভিমুখী অচিনাক্ত বাহনে AS-25 X-4702 নম্বৰৰ পালছাৰ এন এছ বাইকখনক খুন্দিয়ায় । দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকে বাহনখন লৈ পলায়ন কৰিছে । কিমান সময় ধৰি আহত যুৱক দুজন ৰাষ্ট্ৰীয় ঘাইপথটোত পৰি আছিল, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । পুৱতি নিশাহে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰে । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like