নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰীত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক

প্ৰাক্তন অধ্যক্ষৰ দুই অভিযান্ত্ৰিক উৰ্ত্তীৰ্ণ পুত্ৰৰ ড্ৰাগছৰ বেহা- চাঞ্চল্য

নিয়মীয়া বাৰ্তা ২০ মেঃ কামৰূপৰ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত ডোৰাকহৰাত আজি বিয়লি আৰক্ষীয়ে তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী হাতে লোতে আটক কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি মহানগৰীৰ জালুকবাৰীৰ পৰা এখন এল্ট বাহন যোগে ৰঙিয়ালৈ ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকীয়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহাৰ তথ্য ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথে লাভ কৰে । গোপন সুত্ৰৰ ভিত্তিত এই তথ্য লাভ কৰি মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকীক আটক কৰিবলৈ বেহু ৰচনা কৰে। কিন্তু ৰঙিয়াত
আৰক্ষীৰ বেহু ফালি ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকীয়ে আৰক্ষীৰ বাহন খুন্দিয়াইপলায়ন কৰিবলৈ চেষ্টা কৰে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰঙিয়াৰ পৰা মহানগৰীলৈ তীব্ৰ গতিত পলায়ন কৰা
এ এচ ০১ এ এম ০৯৬২ এল্ট বাহন খন চাংসাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰী তিনি যুবকক। মানবজ্যোতি দাস,বিক্ৰম জিৎ দাস,ধৃতিৰাজ ডেকা নামৰ
ড্ৰাগছ সৰবৰাহকাৰী তিনি গৰাকীক আটক কৰাৰ লগতে চাংসাৰী আৰক্ষীয়ে ৩১ টা সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি কনটেনাৰ জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকীক আটক কৰি সোধপোছ কৰাৰ পাছতে চকু কপালত উঠে আৰক্ষীৰ । ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথে সদৰি কৰা অনুসৰি হাজোৰ এচ বি এচ কে আৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ দুই অভিযান্ত্ৰিক উৰ্ত্তীৰ্ণ পুত্ৰ মানবজ্যোতি দাস আৰু বিক্ৰম জিৎ দাসে চলাই আহিছিল বৰবিহ ড্ৰাগছৰ ৰমৰমীয়া বেহা । সেয়ে গোপন সূত্ৰৰ ভিত্তিত পম খেদি আৰক্ষীয়ে আজি অভিযান চলাই অভিযান্ত্ৰিক উৰ্ত্তীৰ্ণ যুবক দুগৰাকী সহ ৰঙিয়াৰধৃতিৰাজ ডেকাক আটক কৰিবলৈ সক্ষম হয় ।
চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল মেধিয়ে জানিব দিয়া অনুসৰি মানবজ্যোতি দাস গিৰিজানন্দৰ পৰা বি ই আই টি উৰ্ত্তীৰ্ণ আৰু বিক্ৰম জিৎ দাস জি আই টিৰ জে ই মেকানিকেল উৰ্ত্তীৰ্ণ হৈ ড্ৰাগছ সৰবৰাহৰ কামত নিয়োজিত হৈ আছিল ।

You might also like