নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বাইপাছৰ বৰঘাটত চোৰাং গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা, ১৫মাৰ্চঃ নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথেৰেই যোৰাবাট হৈ বাংলাদেশলৈ গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে। আজিও পুৱা প্ৰায় আঠ বজাত নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰঘাট বাইপাছত আৰক্ষীয়ে দুখন বাহনসহ ১৫টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে,আনদিনাৰ দৰে আজিও বৰঘাট বাইপাছত আৰক্ষীৰ নাক্কা বহুৱাই তালাচী চলাই আছিল।তেনে সময়তে নগাঁৱৰ বাইপাছেৰে ১৫টা চোৰাং গৰু কঢ়িয়াই অনা এ এছ ০১জিচি ১২৩২ নম্বৰ আৰু এ এছ ০১এমচি ৪৭৯৭নম্বৰৰ ট্ৰাক দুখন আৰক্ষীৰ জালত পৰে।লগে লগে আৰক্ষীয়ে গাড়ী দুখনৰ লগতে গৰুকেইটাও জব্দ কৰে। অৱশ্যে আৰক্ষীৰ দলটোক দেখা পায়েই ট্ৰাক দুখনৰ চালক-হেণ্ডিমেনে আৰক্ষীৰ চকুৰ আগেদিয়েই কৌশলেৰে পলায়ন কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে,এই গৰুকেইটা উজনি অসমৰ পৰা যোৰাবাটলৈ বুলি লৈ অহা হৈছিল। আৰক্ষীয়ে এই পশুধন কেইটা অবৈধ ভাৱে সৰবৰাহ কৰা চোৰাং গৰু সৰবৰাহকাৰী দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।জব্দ কৰা পশুধন সমূহক নগাঁও গোশালাত চমজাই দিয়া হৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like