🔹 অসমৰ যুৱপ্ৰজন্মই বিচাৰে কৰ্মমুখী যাত্ৰা : নৰেশ কলিতা
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : ‘বিগত চাৰিটা দশকত ৰাজপথৰ আন্দোলন আমি বহুত দেখিলোঁ ৷ এতিয়া অসমৰ যুৱপ্রজন্মৰ মাজত কর্মমুখী জাগৰণ সৃষ্টিৰ বাবে নেতাৰ সৃষ্টি হ’ব লাগিব ৷’- গুৱাহাটী প্রেছ ক্লাবত আজি তৰুণ প্রজন্মৰ প্রতিশ্রুতিসম্পন্ন লেখক হিতেশ কলিতাৰ ‘ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ অনিৰুদ্ধ যাত্রাৰ দুটা বছৰ’ শীর্ষক গ্রন্থখন উন্মোচন কৰি এনেদৰে মন্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই ৷ তেওঁ কয় যে বিগত চাৰি দশকত আৱেগ আৰু উগ্র জাতীয়তাবাদৰ নামত অসমত যি আন্দোলনমুখী পৰিৱেশ, তাৰ অৱসান হোৱাটো বিচাৰে অসমৰ সর্বশ্রেণীৰ লোকে ৷ অসমৰ যুৱপ্রজন্মই এক ইতিবাচক পৰিৱেশেৰে কর্মমুখী যাত্রা আৰম্ভ কৰিবলৈ বিচাৰিছে ৷ সেয়ে আমাৰ ৰাজ্যখন, আমাৰ ভাষা আৰু সংস্কৃতিৰ ৰাজহাড় টনকিয়াল কৰিবলৈ হ’লে প্রতিটো ক্ষেত্রতে নিষ্ঠাৱান নেতাৰ প্রয়োজন আছে বুলি মন্তব্য কৰে কলিতাই ৷ তেওঁ কয় যে বিগত সময়ছোৱাত আৱেগ আৰু উগ্র জাতীয়তাবাদৰ আন্দোলনৰ বোকোচাত জন্মলাভ কৰা আমাৰ অধিকাংশ ৰাজনৈতিক নেতাই এখন সমৃদ্ধিশালী ৰাজ্য আৰু খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্রত ব্যর্থ হৈছে ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ব্যতিক্রমী চৰকাৰখনে দুবছৰত অসমৰ সমৃদ্ধি আৰু খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাট মুকলি কৰা বুলি ব্যক্ত কৰে কলিতাই ৷ লেখক হিতেশ কলিতাৰ গ্রন্থখনত ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ জ্বলন্ত সমস্যাৰাজি সমাধানৰ ক্ষেত্রত প্রদর্শন কৰা বিতং খতিয়ান তথ্যসহকাৰে প্রকাশ পাইছে ৷ তেওঁ কয়– কলিতাৰ লেখাবোৰ সাংঘাতিক স্পষ্ট তথ্যসমৃদ্ধ ৷ লেখাসমূহ বিচিত্রতাৰে সমৃদ্ধ ৷ অসম চৰকাৰৰ দুবছৰীয়া কার্যকলাপক বিশ্লেষণ কৰি লেখকে প্রণয়ন কৰা গ্রন্থখনে পঢ়ুৱৈসকলক বহু কথা জনাৰ সুযোগ প্রদান কৰিব ৷ নিজৰ ভাষণত বিশিষ্ট সাংবাদিক কলিতাই অসমৰ শেহতীয়া ৰাজনৈতিক পটভূমিৰ ওপৰতো চমু ব্যাখ্যা আগবঢ়ায় ৷ ৰাজ্যখনৰ জ্বলন্ত বিষয়ক লৈ প্রস্তুত কৰা গ্রন্থখন প্রকাশ কৰাৰ বাবে ‘বনলতা’ৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক ধন্যবাদ জনায় কলিতাই ৷ তেওঁ কয় যে এনে বিষয়ত গ্রন্থ প্রকাশ কৰাৰ দায়িত্ব অসমৰ বেছিভাগ প্রকাশক গোষ্ঠীয়ে নলয় ৷
লীলাধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানটোত অংশ লৈ দৈনিক জনমভূমি কাকতৰ উপ-সম্পাদক কিশোৰ গোস্বামীয়ে গ্রন্থখনৰ জৰিয়তে বহু কথা পঢ়ুৱৈয়ে জানিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰাৰ লগতে লেখক গৌতম বৰুৱাই চৰকাৰখনৰ বিভিন্ন কাম–কাজৰ বিষয়ে সাধাৰণ ৰাইজে গ্রন্থখনৰ জৰিয়তে জানিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ অনুষ্ঠানটোত গ্রন্থখনৰ প্রণেতা হিতেশ কলিতাই গ্রন্থখনৰ প্রস্তুতি সন্দর্ভত কিছু কথা কয় ৷ তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিগত দুটা বছৰৰ বিভিন্ন কাম–কাজ, আঁচনি আদিৰ বিশ্লেষণাত্মক দৃষ্টিৰে বিচাৰ কৰাৰ প্রয়াস কৰিছোঁ ৷ চৰকাৰখনে যোৱা দুটা বর্ষত বিভিন্ন সময়ত ঘোষণা কৰা গুৰুত্বপূর্ণ প্রতিশ্রুতি, আঁচনি আৰু কিছুমান গুৰুত্বপূর্ণ কার্যৰ সময়ানুক্রমো গ্রন্থখনত সন্নিৱিষ্ট কৰা হৈছে ৷ উল্লেখ্য যে কামৰূপ গ্রাম্য জিলাৰ ছয়গাঁৱত জন্মগ্রহণ কৰা লেখক হিতেশ কলিতাই সুদীর্ঘ এটা দশক ধৰি আমেৰিকা যুক্তৰাষ্ট্রত ছফটৱেৰ অভিযন্তা হিচাপে কর্মৰত হৈ আছিল ৷ শেহতীয়াকৈ অসমলৈ স্থায়ীভাৱে প্রত্যাৱর্তন কৰি বিভিন্ন কাকত–আলোচনীত লিখা–মেলা কার্যত ব্রতী হৈ আছে কলিতা ৷ আজি অনুষ্ঠানটোত বনলতা প্রকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকা উপস্থিত থাকে ৷