নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই যুৱক

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ ডিব্ৰুগড়ৰ বগীবিলত আজি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা।এই দুঘটনা ইমানেই ভয়াৱহ আছিল যে প্ৰত্যক্ষদৰ্শীয়েও প্ৰাণকাতৰ চিঞৰ মাৰিছিল। আজি বিয়লি প্ৰায় ২ বজাত বগীবিল দলঙৰ সংযোগী ৫২নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন যুৱক। জানিব পৰামতে, ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখী এ এছ ১২ এ বি ২৫১৭ নম্বৰৰ মটৰ চাইকেল আৰু বিপৰীত দিশৰ পৰা অহা এ এছ ০৭ টি ৩২৭৪ নম্বৰৰ টাটা টিয়াগো বাহনখনৰ মাজত মুখামুখি স‌ংঘৰ্ষ হয়। এই সংঘৰ্ষ ইমানেই ভয়ানক আছিল যে, মটৰ চাইকেল চূৰ্ণ-বিচূৰ্ণ হৈ বহু দূৰৈত চিটিকি পৰে আৰু বাহনখনৰ আগ অংশটো প্ৰচুৰ পৰিমাণে ক্ষতিগ্ৰস্ত হয়। ইফালে ঘটনাস্থলীতে নিহত যুৱক দুজন ধেমাজিৰ গোগামুখ মিংমাং গাঁৱৰ হিৰকজ্যোতি পাতিৰ আৰু জগত পেগু বুলি চিনাক্ত কৰা হৈছে।খবৰ অনুসৰি ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানত অনুষ্ঠিত হোৱা এছ এছ চি পৰীক্ষা দি ধেমাজিৰ গোগামুখৰ ঘৰলৈ যোৱাৰ পথতে তীব্ৰবেগী বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত প্ৰাণ যায় যুৱক দুজন।ইফালে ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকজন পলায়ন কৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত বগীবিল আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত বগীবিল আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে বগীবিলত সংঘটিত হৈছিল অনুৰূপ পথ দূৰ্ঘটনা।সমগ্ৰ পথচোৱাত কোনো তহলদাৰী যান-বাহন আৰক্ষী ব্যৱস্থা নথকাত বগীবিলৰ ৰাষ্ট্ৰীয় ঘাইপথতে সময়ে সময়ে এনে পথ দূৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like