নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ পাছতেই পুনৰ বিটিচি বি পি এফৰ দখললৈ অহাৰ সপোনত বিভোৰ হৈ পৰিছে বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰী৷ একেৰাহে চতুর্থবাৰৰ বাবে বিটিচিৰ শাসনভাৰ দখলৰ সপোন বুকুত বান্ধি হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে চাৰি লাখ লোকক সমৱেত কৰি শপতগ্রহণ কৰাৰ বাবে বিশাল পেণ্ডেল নির্মাণ কৰিবলৈ টেণ্ট হাউছক আগধন পর্যন্ত দিছে৷ আজি ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ পাছতেই সম্ভাব্য ফলাফলক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে মহিলাৰী৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে কয় যে বিটিচিত বি পি এফ দলে পুনৰ চৰকাৰ গঠন কৰাটো ১০০ শতাংশ নিশ্চিত৷ ওদালগুৰি–বাক্সাত হোৱা ভোটগ্রহণ সম্পর্কত তেওঁ লাভ কৰা তথ্য অনুসৰি জিলা দুখনত বি পি এফে ভাল ফলাফল প্রদর্শন কৰিব পাৰিব৷ জিলা দুখনৰ মুঠ ২১টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৬টাই বি পি এফৰ দখললৈ আহিব৷ বিটিচিত চৰকাৰ গঠনৰ বাবে আৱশ্যক হোৱা বাকী ৫টা পৰিষদীয় সমষ্টি চিৰাং জিলাৰ পৰাই আহিব৷ তেওঁ কয় যে কোকৰাঝাৰ জিলাৰ ১২টা আৰু চিৰাং জিলাৰ ৭টা সমষ্টিসহ মুঠ ১৯টা সমষ্টিৰ ভিতৰত ১৫টা সমষ্টিতে বি পি এফে জয়লাভ কৰিব৷
এইবাৰ মুঠ ৩১টা পৰিষদীয় সমষ্টি দখল কৰি বি পি এফে পুনৰ বিটিচি দখল কৰিব৷ এই উৎসাহতে বি পি এফৰ সভাপতি মহিলাৰীয়ে টেণ্ট হাউছক মাতি আনি শপতগ্রহণৰ বাবে বিশাল ৰভা নির্মাণ কৰিবলৈ দিছে বুলি তেওঁ প্রকাশ কৰে৷ মহিলাৰীয়ে কয় যে ৪ লাখ মানুহৰ উপস্থিতিত বি পি এফে শপতগ্রহণ কৰি বিজয় উৎসৱ পালন কৰিব৷ ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অচিৰেই অসম মন্ত্রীসভাৰ বি পি এফৰ তিনি মন্ত্রীৰ পদ খালী হ’ব বুলি কৰা মন্তব্যৰ প্রসংগত সাংবাদিকৰ আগত মহিলাৰীয়ে কয় যে ৰঞ্জিত দাসৰ কথাৰ উত্তৰ তেওঁ নিদিয়ে৷ কাৰণ ৰঞ্জিত দাসৰ কথাৰ কোনো ভ্যেলু নাই৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কিবা ক’লেহে তেওঁ তাৰ উত্তৰ দিব৷ এই বিষয়ক লৈ ড০ হিমন্ত বিশ্ব শর্মাই যিহেতু একো কোৱা নাই, তেওঁ উত্তৰ নিদিয়ে৷ মন কৰিবলগীয়া এয়ে যে বিজেপি, ইউ পি পি এল দলে একে সময়তে এইবাৰৰ নির্বাচনত বি পি এফ উৎখাত হ’ব বুলি দাবী কৰি আহিছে৷ একে সময়তে বি পি এফৰ সভাপতি মহিলাৰীয়ে পুনৰ তেওঁলোকৰ দখললৈ বিটিচি আহিব বুলি মন্তব্য কৰাই নহয়, শপতগ্রহণৰ বাবে টেণ্ট হাউছক বিশাল ৰভা সাজিবলৈ আগধন দিয়া ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ অত্যন্ত আত্মবিশ্বাসী হৈয়েই মহিলাৰীয়ে টেণ্ট হাউছক বিজয় উৎসৱ পাতিবলৈ আগধন দিছে নে অহা ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনত কার্যতঃ ভোটাৰক প্রভাৱান্বিত কৰিবলৈ এনে ৰণকৌশল গ্রহণ কৰিছে, তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ এনে ধৰণৰ সকলো চর্চাৰ অৱসান ঘটিব অহা ১২ ডিচেম্বৰত হ’বলগীয়া বিটিচি নির্বাচনৰ ভোটগণনাত৷