ভৈৰৱকুণ্ডৰ খেমেনগাঁৱত পুখুৰীপাৰত পুতি থোৱা বৃহৎ অস্ত্র উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তর্গত খেমেনগাঁৱত আজি দিন–দুপৰতে উদ্ধাৰ হয় বৃহৎ অবৈধ অস্ত্রভাণ্ডাৰ৷ খেমেনগাঁৱৰ এটা পুখুৰীৰ পাৰত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা এ কে–৪৭, দুটা এ কে– ৫৬ ৰাইফল, চাৰিটা মেগজিন, ১৭জাঁই এছএলআৰৰ গুলী আৰু ২২০ জাঁই একে–৪৮ ৰাইফলৰ গুলী৷
ওদালগুৰি আৰক্ষীয়ে লাভ কৰা এক গোপন সূত্রৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বডো, উপ–আৰক্ষী অধীক্ষক মইদুল ইছলাম, ওদালগুৰি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ওদালগুৰিৰ খেমেনগাঁৱত অভিযান চলায়৷ দিনৰ প্রায় ২.৩০ বজাত চলোৱা অভিযান কালত অভিযানকাৰী দলটোৱে এক ঘন জংঘলত অৱস্থিত এটা পুখুৰীৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বৃহৎ অস্ত্রভাণ্ডাৰ৷
অবৈধ অস্ত্রখিনি কোনে লুকুৱাই ৰাখিছিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই যদিও কোনো বিদ্রোহী সংগঠনে লুকুৱাই ৰখা বুলি সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷ উদ্ধাৰ হোৱা অস্ত্রখিনি আৰক্ষীয়ে ওদালগুৰি আৰক্ষী থানালৈ আনি ভাৰতীয় দণ্ডবিধি আইনৰ ২৫(১–এ) অস্ত্র ধাৰাৰ অধীনত ১৩৯/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷