নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদালি কাণ্ডৰ ৬৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল

ডাঃ সেউজ সেনাপতি–ললিতা ভৰালীক গণপ্রহাৰ–হত্যাৰ চেষ্টা

নিয়মীয়া বাৰ্তা ৩০ জুনঃ যোৱা ১ জুনত ৰাজ্য কঁপাই যোৱা হোজাইৰ উদালিৰ ফুলতলী ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসা কর্মী, নার্ছ আৰু চিকিৎসকৰ প্রহাৰৰ ঘটনাৰ লগত জডিত ৩৬ অভিযুক্তৰ বিৰুদ্ধে আজি হোজাই আৰক্ষীয়ে অভিযোগনামা আদালতত দাখিল কৰে৷ মাত্র ২৯ দিনৰ ভিতৰত আৰক্ষীয়ে তদন্ত সমাপ্ত কৰি মুঠ ৬৩৯ পৃষ্ঠাৰ অভিযোগনামা আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ জিলা সত্র ন্যায়াধীশৰ আদালতত দাখিল কৰে৷ এই ঘটনাৰ তদন্তকাৰী বিষয়া হোজাইৰ উপ–আৰক্ষী অধীক্ষক ৰৌজী তালুকদাৰে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত হোজাই শংকৰদেৱ নগৰ আদালতত অভিযোগনামা দাখিল কৰে৷

অভিযোগনামাত ৩৬ অভিযুক্তৰ বিপক্ষে ৪৫জনক সাক্ষী হিচাপে উল্লেখ কৰিছে৷ এই ৩৬ অভিযুক্তৰ ভিতৰত দুগৰাকী নাৰী আৰু তিনি নাবালকৰ নাম সন্নিৱিষ্ট হৈ আছে৷ উল্লেখ্য যে যোৱা ১ জুনত উদালি ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰত লংকাৰ বামুণগাঁৱৰ এজন ৰোগীৰ মৃত্যুৰ পিছত চিকিৎসা কর্মী নাগেশ্বৰ চৌহানক দূৰ ব্যৱহাৰ কৰা, কর্মৰত নার্ছ ললিতা ভৰালীক হত্যাৰ চেষ্টা আৰু কর্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক নির্মমভাৱে প্রহাৰ কৰাৰ লগতে চিকিৎসালয়খন আক্রমণ কৰি বিস্তৰ ক্ষতি কৰিছিল৷ এই অমানৱীয় কাণ্ডৰ লগত জডিত ৩৬জনক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ১৪৩/৩৪২/৪৪৭/৩৩৩/৩০৭/৩৫৩/৪২৭ আৰ ডব্লিউ ৪নং পি ডি এক্ট, চিকিৎসক সেৱা আইনৰ ৬/৭ আৰু দুর্যোগ ব্যৱস্থাপনা আইনৰ এপিডেমিক ডিজিজ এক্ট (সংশোধনী ২০২০) ৩ (৩) ধাৰাত গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল৷

You might also like