নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত উদাংশ্ৰী এমেচাৰ থিয়েটাৰৰ একেদিনাই দুখন নাটকৰ মহুৰত

বিশেষ বাৰ্তা, ৯ জুনঃ মৰিয়নিৰ সমীপৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অধলকটীয়া গাঁৱত অঞ্চলটোৰ দুই সংস্কৃতিবান যুৱক বিনয় শইকীয়া আৰু অভিজিৎ অধলকটীয়াৰ প্ৰচেষ্টাত এক ন-চিন্তাৰে অসমৰ নাট্যজগতত ভুমুকি মাৰিছে “উদাংশ্ৰী এমেচাৰ থিয়েটাৰ“ নামেৰে এক নতুন নাট্যদলে ৷ গাঁ‌ৱৰ চুকে কোণে সিঁ‌চৰিত হৈ থকা নাট্য প্ৰতিভাসমূহক উলিয়াই আনি তেওঁলোকক এখন উপযুক্ত মঞ্চ দিয়াৰ প্ৰয়াসেৰে এই উদাংশ্ৰী এমেচাৰ থিয়েটাৰৰ জন্ম দিয়া হৈছে । ইতিমধ্যে অসমৰ এগৰাকী যুৱ নাট্যকাৰ- নাট পৰিচালক বিনয় শইকীয়াৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ ওপৰত ৰচিত আৰু পৰিচালিত “খোলাং বুঢ়ী“ নামৰ এখন নাট সসফলতাৰে মঞ্চস্থ কৰাৰ লগতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ একেলগে দুখন নাটকৰ মূহুৰত সম্পন্ন কৰা হয় । প্ৰথমখন বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঞিবৰুৱাৰ অসম আন্দোলনৰ সত্য ঘটনাৰ আধাৰত ৰচিত নাট “জয় আই অসম: A real true story of Assam Movement 1980”, এইখন নাটক পৰিচালনা কৰিব বিশিষ্ট অভিনেতা- পৰিচালক প্ৰীতম শইকীয়াই ৷ আনহাতে আনখন নাটক হৈছে অভিজিৎ অধলকটীয়া দ্বাৰা ৰচিত আৰু পৰিচালিত “পুলিচ বাবু“ । এই উপলক্ষ্যে উদাংশ্ৰী এমেচাৰ থিয়েটাৰৰ আখৰা গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাটক দুখনৰ শুভ মূহুৰত সম্পন্ন হয় । নাট্যকাৰ ৰঞ্জিত গোহাঞিবৰুৱা আৰু অভিনেতা দীপক তাঁতীয়ে বন্তি প্ৰজ্বলন কৰি দুয়োখন নাটকৰ শুভ উদ্বোধন কৰে ৷ চমু অনুষ্ঠানটিত ৬১ নং কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী, অভিনেত্ৰী নিতুমণি ফুকন উপস্থিত আছিল, নাট্যকাৰ- পৰিচালক বিনয় শইকীয়া, অভিজিৎ অধলকটীয়া আদিৰ লগতে শিল্পী- কলা কুশলী আৰু বহুসংখ্যক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে উদাংশ্ৰী এমেচাৰ থিয়েটাৰে অহা জুলাই মাহৰ পৰা নাট প্ৰদৰ্শন কৰিব ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like