নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

নিয়মীয়া বাৰ্তা, ২২ মে:  অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ৭ বজাত ভাৰত-ম্যানমাৰৰ মন জিলাৰ লংগুৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক। পুৱা ৭.১০ বজাত ভাৰতত প্ৰৱেশ কৰে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াই । ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয় ৷

উল্লেখ্য যে ২০০৬ চনলৈকে ৰিতুলে ঘৰতে খেতি–বাতি কৰি আছিল৷ ২০০৬ চনত পুনেৰ এটা মাৰুতি কোম্পানীৰ ৱর্কশ্বপত মেকানিক হিচাপে যোগদান কৰে৷ ২০১৬ চনলৈ সেই কামত নিয়োজিত হৈ থকাৰ সময়তে ৰিতুলে ভায়েকক পঢ়াই–শুনাই মানুহ কৰাৰ লগতে দেউতাকৰো পেচমেকাৰ লগালে৷ ২০১৬ চনত আইটিআই পাছ কৰাৰ পিছত লাকুৱাৰ অ’ এন জি চিত নিম্নবর্গৰ সহায়ক (টেকনিকেল) হিচাপে কামত যোগদান কৰে৷

You might also like