বিজনীৰ আই নৈৰ পাৰত ৰেলপথৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবীত অব্যাহত প্ৰতিবাদস্থলীত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: বঙাইগাঁৱৰ ডাউকীঝৰাস্থিত আই নৈৰ দলঙৰ পাৰত পথ সুৰক্ষা সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত দীৰ্ঘদিনৰ পৰা চলি থকা প্ৰতিবাদ আজিও অব্যাহত আছে। আজি প্ৰতিবাদস্থলীত উপস্থিত হয় কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া। শৰণীয়াই প্ৰতিবাদকাৰীৰ লগত মত বিনিময় কৰি উক্ত অঞ্চলৰ বৃহৎ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে ৰেলপথৰ উত্তৰ পাৰৰ কুৰিখনতকৈ অধিক গাঁৱৰ ৰাইজে আই নৈৰ ৰেলৱে দলঙৰ তলেৰে যাতায়াত কৰি আছে যদিও সম্প্ৰতি নিৰ্মীয়মাণ দ্বৈত ৰেলপথৰ বাবে যাতায়াত ব্যাঘাত হোৱাৰ আশংকাত ভুগিছে গঞা। এনে পৰিপ্ৰেক্ষিতত ৰাইজে স্থায়ী সমাধানৰ বাবে দুয়োটা ৰেললাইনৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই অব্যাহত ৰাখিছে প্ৰতিবাদ।
প্ৰেৰক বৰ্ণালী তালুকদাৰ