নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়-সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি অনুসৰি বিভিন্ন উচ্চশিক্ষানুষ্ঠান সমূহৰ মাজত শিক্ষা সংস্কৃতি ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক বিনিময়ৰ বাবে আজি নাহৰকটীয়া মহাবিদ্যালয়ত এক চুক্তি স্বাক্ষৰিত হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহাবিদ্যালয় আৰু চৰাইদেউ জিলাৰ সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰিত হোৱা এই বুজাবুজিৰ চুক্তি অনুসৰি এই দুই মহাবিদ্যালয়ৰ মাজত আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী বিনিময়, সামাজিক তথা সাংস্কৃতিক বিনিময় আদি সম্পন্ন কৰাৰ লগতে দুয়োখন মহাবিদ্যালয়ে বিভিন্ন ক্ষেত্ৰত যৌথভাৱে সজাগতা মূলক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক প্ৰাঞ্জল কুমাৰ বৰদলৈ আৰু সোণাৰি বাণিজ্য মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ বিপুল দে তথা বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ৰুবুল চাংমাইয়ে স্বাক্ষৰ কৰা মুঠ ৫ বছৰীয়া এই চুক্তি পত্ৰ সম্পাদন অনুষ্ঠানত নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া ডঃ স্মৃতিৰেখা গগৈ গায়ন, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, বাণিজ্য বিভাগৰ অধ্যাপক নৱজিত দত্ত, ডঃ দিলীপ বনীয়া, ডঃ অম্লানজ্যোতি শৰ্মা, অৰ্থনীতি বিভাগৰ দিগন্ত খনিকৰ, শিক্ষাতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক কুঞ্জমুকুল গগৈ আৰু গ্ৰন্থাগাৰিক সুৰজ গগৈৰ লগতে সোনাৰী বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ৰঞ্জন গোস্বামী উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like