নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুলাইঃ এক ঐতিহাসিক গৌৰৱৰ গৰাকী হৈছে চৰাইদেউ জিলাৰ চৰাইদেউ মৈদাম। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তিৰ শিতানত স্থান পালে চৰাইদেউ মৈদামে। এই স্বীকৃতিয়ে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তোলাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্য়ম যোগে আনন্দ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী তথা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতি আৰু অসমবাসীক এই সাফল্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ পিৰামিডসদৃশ গঠনেৰে চিহ্নিত অনন্য সমাধিস্থল ‘মৈদাম’ৰ টাই-আহোম বংশৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য গভীৰ। এই অন্তৰ্ভুক্তিয়ে ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি বৃদ্ধি কৰাই নহয় উত্তৰ-পূব অঞ্চলৰ অনন্য সাংস্কৃতিক ক্ষেত্ৰসমূহ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা এই সন্মান লাভ কৰা প্ৰথমটো সাংস্কৃতিক স্থান হিচাপে ‘মৈদাম’ৰ স্বীকৃতিয়ে অঞ্চলটোৰ পৰা অধিক সাংস্কৃতিক স্থানে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা আৰু সুৰক্ষা লাভ কৰাৰ পথ প্ৰশস্ত কৰে।