নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ইউনিচেফৰ উদ্যোগত শিশু নিৰ্যাতন সন্দৰ্ভত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত শিৱসাগৰৰ সাংবাদিকসকলৰ বাবে শিশুৰ অধিকাৰ সম্পৰ্কীয় এক দিকদৰ্শন কৰ্মশালাৰ আজি আয়োজন কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাবৰ উজ্বল দত্ত সভা গৃহত অনুষ্ঠিত এই দিকদৰ্শন কৰ্মশালাত সমল ব্যক্তি ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহিলা বিষয়ক অধ্যয়ন কেন্দ্ৰৰ সঞ্চালিকা ড০ নাচমিম এফ আখটাৰে শিশু নিৰ্য্যাতন প্ৰতিৰোধ সন্দৰ্ভত মননশীল বক্তৰ্ব্য আগবঢ়ায় ৷ শিৱসাগৰ জিলাৰ শিশু সুৰক্ষা সমিতিৰ সভানেত্ৰী মনালিছা শৰ্মাই বৰ্তমান সময়ত আধুনিক সমাজ ব্যৱস্থাত শিশুৰ ওপৰত হোৱা শাৰীৰিক, মানসিক, যৌন নিৰ্য্যাতন কি দৰে এক ভয়ংকৰ ব্যাধিত পৰিণত হৈছে সেই সম্পৰ্কে বিশ্লেষণ কৰি দেখোৱায়৷ আনহাতে বিশিষ্ট সাংবাদিক, ৰাজনৈতিক বিশ্লেষক মৃণাল তালুকদাৰে শিশুৰ ওপৰত হোৱা যৌন নিৰ্য্যাতন আৰু ইয়াৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ ভূমিকা কেনে হোৱা উচিত সেই সম্পৰ্কে তাৎপৰ্য্যপূৰ্ণ বক্তৰ্ব্য আগবঢ়ায়৷ গুৱাহাটীৰ শিশু নিৰ্য্যাতন চলোৱা দম্পতীৰ সম্পৰ্কত যি দৰে সংবাদ মাধ্যম সৰৱ হৈছে ঠিক তেনেদৰে উজনিত সংঘটিত এক প্ৰতিস্থিত পৰিয়ালৰ নিৰ্য্যাতনৰ ঘটনাই বিশেষ প্ৰচাৰ নোপোৱা সম্পৰ্কতো মন্তৰ্ব্য আগবঢ়ায়৷ বিশেষকৈ এনে সম্পৰ্কীয় বাতৰি পৰিৱেশন আৰু প্ৰচাৰৰ সময়ত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু কি দৰে ফটো দৃশ্যাংশ নেদেখোৱাকৈয়ে সেই বাতৰি সুন্দৰকৈ উপস্থাপন কৰিব পাৰি সেই সম্পৰ্কতো কেতবোৰ পৰামৰ্শ আগবঢ়াই ৷ অৱশ্যে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ইয়াৰ বাবে সংবাদকৰ্মী সকলক এনে বিষয় সম্পৰ্কত অধ্যায়ন কৰাৰো আহব্বান জনায় ৷ অন্যহাতেদি কৰ্মশালাত অন্যতম সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰা যুৱ সমাজকৰ্মী তথা দীৰ্ঘ সময় ধৰি বাল্য বিবাহ প্ৰতিৰোধ আৰু শিশু নিৰ্য্যাতনৰ বিৰুদ্ধে অহৰহ অভিযান চলাই অহা যুৱ সমাজকৰ্মী ফৰিদ ইছলাম হাজৰিকাই শিশু নিৰ্য্যাতন, নাৰীৰ ওপৰত হোৱা নিৰ্য্যাতনৰ লগতে তথ্য প্ৰযুক্তিৰ চাকনৈয়াত পৰি কি দৰে জিলা খনৰ শ শ পৰিয়াললৈ কাল অমানিশা নামি আহিছে সেই সম্পৰ্কত তথ্য ভিত্তিক কেতবোৰ সংখ্যা দাঙি ধৰে ৷ বিশেষকৈ কেৱল শিৱসাগৰ জিলাখনৰেই নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় ৮৫০ টা আপত্তিজনক এম এম এচ ৰাজহুৱা হোৱা ঘটনা গভীৰ চিন্তনীয় বুলি উল্লেখ কৰে ৷ হাজৰিকাই এই কৰ্মশালাৰ মাধ্যমেৰে চৰকাৰক ছাত্ৰ ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই মনোবিজ্ঞানৰ ওপৰত শিক্ষা প্ৰদান কৰাতো প্ৰতিখন বিদ্যালয়তেই বাধ্যতামূলক কৰিবলৈ চৰকাৰৰ প্ৰতি আহব্বান জনায় ৷ শিশুৰ অধিকাৰ সম্পৰ্কে অনুষ্ঠিত এই দিকদৰ্শন কৰ্মশালাত সাংবাদিক আৰু সংবাদ মাধ্যমে শিশুৰ ওপৰত হৈ থকা বিভিন্ন নিৰ্যাতন আৰু অপৰাধ উদঙাই দিয়াৰ ক্ষেত্ৰত কেনে সবল ভূমিকা লব পাৰে সেই সম্পৰ্কে সমল ব্যক্তি সকলে বিস্তৃত ভাবে আলোচনা কৰে৷ এই দিক দৰ্শন কৰ্মশালাত বাল্য বিবাহ, শিশু শ্ৰম ৰোধ আদিৰ লগতে শিশুৰ অধিকাৰ সম্পৰ্কীয় বিষয় সমূহ অতি পুংখানুপুংখ ভাবে আলোচনা কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকা আৰু সহকাৰী সাধাৰণ সম্পাদক জয়জ্যোতি গগৈয়ে আঁত ধৰা এই দিক দৰ্শন কৰ্মশালাত শিৱসাগৰ প্ৰেছ ক্লাব আৰু জিলা খনৰ কৰ্মৰত দেৰ কুৰিৰো অধিক সাংবাদিকে অংশগ্ৰহণ কৰে। স্মৰ্তব্য যে, আজিৰ এই দিক দৰ্শন কৰ্মশালাত শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা চাৰিও গৰাকী সমল ব্যক্তিক গামোছা আৰু প্ৰেছ ক্লাবৰ স্মাৰকেৰে উস্ম আদৰণী জনোৱা হয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like