নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুবন গাম এজন উদাৰ অন্তৰৰ লোকঃ সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : মাজুলীত শাসক বিৰোধীয়ে ব্যাপক ভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ সমান্তৰালভাৱে মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণৰ বাবে মাজুলীত উপস্থিত হয় মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মাজুলীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পোনেই নামনি মাজুলীৰ মহৰিচুকত অনুষ্ঠিত বিশাল জন সভাত অংশ গ্ৰহন কৰে ৷ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ অনুষ্ঠিত প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ভাষণ প্ৰসংগত কয় যে-এই মাজুলীয়ে আজিৰ যুগত আধুনিক ধ্যান ধাৰণাৰে আগবাঢ়ি যোৱাৰ যিটো ইচ্ছা আছে ঠিক তেনেধৰণেই এইখন মাজুলী জিলাক কেৱল অসমৰ বুকুতেই নহয় ভাৰতবৰ্ষ তথা বিশ্বৰ বুকুত অন্যতম আকৰ্ষণীয় জিলা হিচাপে গঢ় দিয়াৰ লক্ষ্য অসম চৰকাৰে ইতিমধ্যে স্থিৰ কৰিছে। যোৱাটো কাৰ্যকালত আপোনালোক সকলোৰে সহযোগত আমি মাজুলীৰ উন্নয়নৰ বাবে পদক্ষেপ লবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ ফলস্বৰুপেই যোৱা পাঁচ বছৰৰ ভিতৰত বহুখিনি কাম সম্ভৱ হৈছিল যাৰ বাবে মাজুলীত পৰিৱৰ্তনৰ বাতাবৰণ সৃষ্টি হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আচনি সমূহত অসমৰ লগতে মাজুলীৰ ৰাইজেও সফলকাম কৰাত হাত উজান দি আহিছে। ৰাজ্য চৰকাৰেও বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাজুলীক যেনেধৰনে গুৰুত্ব প্ৰদান কৰিছে মোৰ এই কথাটোত কোনো সন্দেহেই নাই যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত কেৱল মাজুলীয়েই নহয় সমগ্ৰ অসমেই ভাৰতবৰ্ষৰ বুকুত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। নতুন নতুন আচনিৰ যোগেদি মাজুলীক চকুত লগা জিলা হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে। মাজুলীৰ বুকুত দক্ষিণ পাৰ আৰু উত্তৰ পাৰে ব্ৰহ্মপুত্ৰৰ দুয়োটা দিশৰ যাতায়ত ব্যৱস্থা যাতে সূচল হয় তাৰ বাবে অসম চৰকাৰে দলং নিৰ্মানৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাট-মাজুলী সংযোগী আৰু মাজুলী-লক্ষীমপুৰ সংযোগী দলং নিৰ্মাণৰ জড়িয়তে মাজুলীৰ আৰ্থ সামাজিক উন্নয়ন সাধন হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা পঞ্চদশ বিত্ত আয়োগে মাজুলীৰ চৌদিশে চাৰ্কোলাৰ ৰোড নিৰ্মাণৰ বাবে ১০৬৭ টকা অনুমোদন দিছে। এডিবি ফালৰ পৰাও ৩৩৯ কোটি টকা মাজুলীৰ বাবে অনুমোদন জনাইছে। গতিকে মাজুলীৰ বুকুলৈ এতিয়া এটাৰ পিছত এটা ডাঙৰ ডাঙৰ প্ৰকল্প আহিব লাগিছে। এতিয়া আৰু মাজুলী পিছ পৰি নাথাকে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। ইফালে উপ-নিৰ্বাচন সন্দৰ্ভত কবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে- মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গাম এগৰাকী সৰল ব্যক্তি মাজুলীবাসীয়ে এগৰাকী উচিত প্ৰাৰ্থী পাইছে। মাজুলীৰ ১০০% ভোট বিজেপিৰ পক্ষত যাব লাগে। কাৰণ বেলেগ দলত ভোট দি লাভ নাই। তেখেত সকলে একো কৰিব নোৱাৰে। এইবিলাক দলৰ এতিয়া কোনো অস্তিত্ব নাই বুলি কংগ্ৰেছ, এজেপি ৰাইজৰ দলৰ কথা আওপকীয়াকৈ উল্লেখ কৰে। কংগ্ৰেছে দেশক আগবঢ়াই নিব নোৱাৰিলে কেৱল নেতা সকলে ৰাজহৰ ধন আত্মসাৎ কৰাৰ বাবে দুখীয়া দুখীয়া হৈয়েই থাকিল বুলি তেওঁ উল্লেখ কৰে। ইফালে পিছত সাংবাদিকে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক তেখেতৰ উত্তৰসূৰী হিচাপে প্ৰক্ষেপ কৰা মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গাম কিমান দূৰ সফল হব বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-মাজুলীৰ ৰাইজে বিজেপি মিত্ৰজোটৰ প্ৰতি সদায় আন্তৰিকতা প্ৰদৰ্শন কৰি আহিছে। মাজুলীৰ পৰা ভুবন গাম জয়ী হবই এইটো নিশ্চিত। ইতিমধ্যে আনুষ্ঠানিকতাহে বাকী আছে। বেলেগ দলৰ প্ৰতি মানুহৰ কোনো ধাউতি নাই। তেওঁলোকে একো কৰিব নোৱাৰে।তেওলোকৰ কোনো লক্ষ্য উদ্দেশ্য নাই কেৱল যে মাত্ৰ পানী ঘোলা কৰিবলৈহে আহে মাজুলীৰ ৰাইজে ভালদৰে বুজি পাইছে বুলি কংগ্ৰেছ, এজেপি, ৰাইজৰ দলৰ নাম উল্লেখ নকৰাকৈ সোনোৱালে উল্লেখ কৰে। ইফালে প্ৰচাৰ সভা খনত অংশ লৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই সাংবাদিকৰে মুখামুখি হৈ কয় যে-নূন্যতম আত্ম সন্মান আছে যদি কংগ্ৰেছে ঘোষণা কৰক এ আই ইউ ডি এফৰ সমৰ্থন নালাগে। কংগ্ৰেছে এ আই ইউ ডি এফৰ বোকোচাত উঠি ৰাজ্য সভাৰ বৈতৰণী পাৰ হবলৈ সপোন দেখি আছে।কংগ্ৰেছে পাৰিলে দাড়ি লুঙী টুপী চৰকাৰেই আনিব কিন্তু আমি সেইয়া হবলৈ নিদিওঁ বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নামনি মাজুলীৰ মহৰিচুকৰ প্ৰচাৰ সভাৰ পিছতে মাজুলীৰ দক্ষিণ পাটত অনুষ্ঠিত আন এখন প্ৰচাৰ সভাতো অংশ লৈ মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলায়। অৱশ্যে ধ্ৰুৱ দাস নামৰ দক্ষিণ পাটৰ প্ৰাক্তন এগৰাকী বুথ সভাপতিৰ বিয়োগৰ বাবে দক্ষিণ পাটৰ প্ৰচাৰ সভা খন সীমিত কাৰ্যসূচীৰে সামৰণি পৰে। দুয়ো খন প্ৰচাৰ সভাতে মন্ত্ৰী পীয়ুষ হাজৰিকা,লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ লগতে মিত্ৰদল- সন্মিলিত গণশক্তিৰ মাজুলী জিলাৰ সভাপতি ৰঞ্জিত দলে, অসম গণ পৰিষদৰ জিলা সভাপতি ফণীধৰ টাহু উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like