নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রীৰে মুখ্যমন্ত্রীৰ বৈঠকঃ দ্বীপৰ বিলত এলিভেটেড কৰিড’ৰ নির্মাণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ৰে’ল আৰু বস্ত্রশিল্প দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী দর্শনা জাৰদোশে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে৷ এই সাক্ষাতৰ সময়তে ৰাজ্যখনত ৰে’ল বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন প্রকল্প সন্দর্ভত আলোচনা কৰা হয়৷

এই আলোচনা কালতেই দ্বীপৰ বিল এলেকাত ৰে’ল দুর্ঘটনাৰ ফলত হাতীৰ মৃত্যু হোৱা ঘটনাত উদ্বিগ্ণতা প্রকাশ কৰি ড০ শর্মাই এই অংশটোত হাতীৰ মুক্ত অহা–যোৱাৰ বাবে এক এলিভেটেড কৰিড’ৰ নির্মাণ কৰিবলৈ আহ্বান জনায়৷

বৰাক উপত্যকাৰ মাজেৰে নতুন দিল্লী আৰু আগৰতলাৰ মাজত চলাচল কৰা ৰাজধানী এক্সপ্রেছৰ চলাচলৰ মাত্রা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ তদুপৰি গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীৰ এটা প্রতিষ্ঠান স্থাপন কৰাৰ বাবেও জাৰদোশক ড০ শর্মাই আহ্বান জনায়৷

অসমৰ শিপিনীয়ে উৎপাদন কৰা সামগ্রীয়ে যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে, তাৰ বাবে উন্নত প্রযুক্তিৰ দিশত বস্ত্রশিল্প খণ্ডলৈ সহযোগিতা আগবঢ়াবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷

You might also like