ড° মুকুট গোহাঁইৰ গৱেষণা দলৰ প্ৰকল্পলৈ UNITAIDৰ অনুমোদন
তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱত জন্মগ্ৰহণ কৰা অসম সন্তান বিজ্ঞানী ড° মুকুট গোহাঁইৰ নেতৃত্বত জীৱন দায়িনী ঔষধৰ গৱেষণা প্ৰকল্পলৈ বিশ্ব স্বাস্থ্য সন্থাৰ জেনেভাস্থিত বিশ্বৰ অন্যতম সন্মানীয় সংস্থা UNITAID ৰ পৰা গৱেষণাৰ বঁটা হিচাপে জীৱন দায়িনী ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷
দক্ষিণ আফ্রিকাৰ প্ৰতিস্থিত কেমিকেল প্ৰচেছ টেকনলজিৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ মূৰবী তথা মূখ্য বিজ্ঞানী হিচাপে কৰ্মৰত ড° মুকুট গোঁহাই। বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয় দক্ষিণ আফ্রিকাৰ University of the Witwatersrand ৰ External Supervisor হিচাপেও সেৱা আগবঢ়াই আহিছে বিজ্ঞানীগৰাকীয়ে। লগতে ভার্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ ভিজিটিং বিজ্ঞানী হিচাপে Medicines for All Institute ৰ সৈতে যৌথ গৱেষণাত যুক্ত হৈ আছে।
বিভিন্ন জীৱনদায়িনী ঔষধৰ সংশ্লেষণ তথা ব্যৱসায়িক ভিত্তিত উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন আৰু উন্নয়নৰ লগতে নতুন উন্নত মান বিশিষ্ট ঔষধি গুণযুক্ত জৈৱ-যৌগৰ অনুসন্ধান আৰু আৱিষ্কাৰ, গৱেষকৰ নিৰ্দেশনা তথা প্রশিক্ষণ গৱেষণা কৰ্মৰ মূখ্য বিষয় ড° মুকুট গোঁহাইৰ। ২০০৬ বৰ্ষত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত গ্ৰেটবিট্ৰেইন, ফ্ৰান্স, নৰৱে আদি বিশ্বৰ কেইবাখনো দেশৰ চৰকাৰৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা UNITAID নামৰ সংস্থাটিয়ে বিশ্বৰ আগশাৰী গৱেষণাগাৰলৈ জীৱনদায়িনী ঔষধ বিশেষকৈ এইডচ্, মেলেৰীয়া, যক্ষ্মাৰোগৰ ঔষধ আৱিষ্কাৰ লগতে অত্যাৱশ্যকীয় নিভেজাল ঔষধ উৎপাদনৰ সহজলভ্য প্ৰযুক্তি আৰু প্ৰয়োজনীয় সকলৰ বাবে যাতে সময়ত উপলবব্ধ হব পাৰে তাৰ প্ৰতি লক্ষ ৰাখি বটাঁ হিচাপে জীৱন দায়িনী ঔষধৰ বিশেষ প্ৰকল্পলৈ অনুদান আগঢ়াই আহিছে।
দক্ষিণ আফ্ৰিকাৰ প্ৰিটোৰিয়াস্থিত কেমিকেল প্ৰছেচ টেকনলজিৰ এপিআইৰ প্লাছ গৱেষণাগাৰৰ মূৰব্বী বিজ্ঞানী ড° মুকুট গোহাঁইৰ নেতৃত্বত এটি বিজ্ঞানীদলে ইতিমধ্য আমেৰিকা ভাৰজিনিয়া কমনৱেল্থ বিশ্ববিদ্যালয়ৰ মেডিচিনচ ফৰ’ অলৰ সৈতে যৌথ গৱেষণাত যক্ষ্মাৰোগৰ অত্যাৱশ্যকীয় ঔষধৰ সহজলভ্য প্ৰযুক্তি আৱিষ্কাৰত অগ্ৰগতি লাভ কৰিছে। ইউনাইটেট ষ্টেট ফাৰ্মাকপিয়া (United State Pharmacopeia) বিভাগৰ পৰা পোৱা সহযোগতীতাও উল্লেখনীয়।
USFDA লগতে ইউৰোপিয়ান মেডিচিনচ এজেন্সিৰ অনুমোদনপ্ৰাপ্ত ভাৰতবৰ্ষৰ প্ৰথমটো নিউ কেমিকেল এন্টিটি (New Chemical Entity, NCE) জীৱনদায়িনী ঔষধ তথা এন্টিবায়টিক ইনমেটাজবেকটাম (এক্সব্লিফিপ, Exblifip)ৰ অন্যতম আৱিষ্কাৰক ড° মুকুট গোহাঁই ইতিমধ্যে কেইবাটাও জীৱনদায়িনী ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ কৰি বিশ্ববাসীলৈ অৱদান আগবঢ়ইছে। বিল আৰু মেলিন্ডা গেটচ ফাউন্ডেচনৰ জীৱন দায়িনী ঔষধৰ মানবীয় প্ৰকল্পলৈ ড° মুকুট গোহাঁইৰ নেতৃত্বত বিজ্ঞানীৰ দলে অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।
অলপতে University of the Witwatersrand ৰ গৱেষক দলে আৱিষ্কাৰ কৰা MRNA Vaccines ৰ বাবে প্রয়োজনীয় বিকল্প কেৰিয়াৰ মলিকুল আৱিষ্কাৰৰ প্ৰকল্পৰ অন্যতম সদস্য আৰু এই মলিকুলৰ উৎপাদন প্ৰযুক্তিৰ কাম ড° মুকুট গোহাঁইৰ নেতৃত্বতে আগবাঢ়িছে। ২০২৫ বৰ্ষত ইউৰোপীয়ান গৱেষণাৰ প্লেটফৰ্ম SMART EUREAKA ৰ পৰা নতুন গৱেষণা প্ৰকল্পৰ বাবে অনুমোদন লাভ কৰি United Kingdom ৰ University of Leeds আৰু AM Technology ৰ সৈতে মানৱ জাতিৰ বাবে প্ৰয়োজনীয় এটি ৰাসায়নিক প্ৰকল্পত যৌথ গৱেষণাত নিয়োজিত হৈছে।
এই সন্দৰ্ভত বিজ্ঞানী ড° মুকুট গোঁহাই কয় যে, মোৰ নেতৃত্বত জীৱন দায়িনী ঔষধৰ গৱেষণা প্ৰকল্পলৈ বিশ্ব স্বাস্থ্য সন্থাৰ জেনেভাস্থিত বিশ্বৰ অন্যতম সন্মানীয় সংস্থা UNITAID ৰ পৰা গৱেষণাৰ বঁটা হিচাপে জীৱন দায়িনী ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবে মই অত্যন্ত সুখী ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাত গ্ৰেট বিট্ৰেইন, ফ্ৰান্স, নৰৱে আদি বিশ্বৰ কেইবাখনো দেশৰ চৰকাৰৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা UNITAID নামৰ সংস্থাটিয়ে বিশ্বৰ আগশাৰী গৱেষণাগাৰলৈ জীৱনদায়িনী ঔষধ বিশেষকৈ এইডচ্, মেলেৰীয়া, যক্ষ্মাৰোগৰ ঔষধ আৱিষ্কাৰ লগতে অত্যাৱশ্যকীয় নিভেজাল ঔষধ উৎপাদনৰ সহজলভ্য প্ৰযুক্তি আৰু প্ৰয়োজনীয় সকলৰ বাবে যাতে সময়ত উপলবব্ধ হব পাৰে তাৰ প্ৰতি লক্ষ ৰাখি বটাঁ হিচাপে জীৱন দায়িনী ঔষধৰ বিশেষ প্ৰকল্পলৈ অনুদান আগঢ়াই আহিছে। ইয়াৰ বাবে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ ৷
বিশেষ বাৰ্তা, তিনিচুকীয়া, ১১ আগষ্ট, ২০২৫