নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ কালীবাৰীত গণ বিবাহ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ কালি ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰীত অনুষ্ঠিত হয় ব্যাতিক্ৰমী এক গণ বিবাহ কাৰ্যসূচী। মন্দিৰটোৰ পৰিচালনা কমিটীৰ উদ্যোগত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ ১৯গৰাকীকৈ দম্পতীৰ বিৱাহ অনুষ্ঠান অনুষ্ঠিত হয় কালীবাৰী প্ৰাংগণত। বিবাহৰ সম্পূৰ্ণ ব্যায় নিজাববীয়াকৈ বহন কৰি সম্পূৰ্ণ মাংগলিক প্ৰথাৰে কালিবাৰী মন্দিৰ পৰিচালনা কমিটীয়ে অনুষ্ঠিত কৰা ব্যতিক্ৰমী এই বিৱাহ অনুষ্ঠানত চাবলৈ ৰাইজৰ বিৰ দি বাট নোপোৱাসদৃশ পৰিৱেশৰ সৃষ্টি হয়। উখল–মাখল এই বিবাহ অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জন বাৰলা। উপস্থিত আছিল বিটিআৰৰ নেতা মানেশ্বৰ দৈমাৰী আৰু বিটিআৰ চৰকাৰৰ টুৰিজিমৰ ইএম। আটায়ে হিয়াভৰা আশীৰ্বাদ দিয়ে ন দৰা–কইনাক। পুৰোহিতে গোৱা বৈদিক মন্ত্ৰ মাতি অগ্নি দেৱতাক পূজা–অৰ্চনাৰে বিবাহ সম্পন্ন কৰা কালিৰ এই গণ বিবাহত যুগ্ম জীৱনত প্ৰৱেশ কৰে এযোৰ দিব্যাংগ দম্পতীও। উল্লেখ্য যে কালীবাৰী মন্দিৰ পৰিচালনা কমিটীৰ এগৰাকী সদস্য দীপাংকৰ মজুমদাৰৰ মস্তিষ্কপ্ৰসূত এই গণ বিবাহ কাৰ্যসূচী এইবাৰ পঞ্চম বৰ্ষত ভৰি দিলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like