নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাজ্যত UNLOCK-4.0, স্বাভাৱিক মহানগৰীৰ জীৱন-যাত্ৰা

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে আনলক-৪। ৩১ আগষ্টলৈ শিথিল কৰা হৈছে পূৰ্বৰ লক ডাউনৰ বহু নীতি-নিয়ম। অবশ্যে নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। ক’ৰোনাৰ সন্ত্ৰাসৰ মাজতে স্বাভাৱিক কৰিবলৈ চেষ্টা কৰা হৈছে জনসাধাৰণৰ জীবনযাত্ৰা। আনহাতে আন্তঃজিলা যাতায়াত দুদিনৰ পৰিবৰ্তে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলি দিয়া হৈছে। ৫০ শতাংশ যাত্ৰীৰে চলিব আন্তঃজিলা যাতায়াত।

অৱশ্যে শনিবাৰে আৰু দেওবাৰে সাপ্তাহিক লক ডাউন অব্যাহত থাকিব। সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় অনুষ্ঠানসমূহ ৫০ শতাংশ মানুহৰ সৈতে খুলিব পাৰিব। কিন্তু বন্ধ থাকিব শিক্ষানুষ্ঠান, সভা-সমিতি প্ৰেক্ষাগৃহ।

মহানগৰীতো স্বাভাৱিক হৈছে জীৱন যাত্ৰা। পথৰ একাষৰ নহয়, দুয়োকাষৰ দোকান খোলাত কোনো বাধ্যবাধকতা নাই। খুলিছে সকলো দোকান-পোহাৰ। চিটীবাছকে ধৰি সকলো যান-বাহন চলিছে মহানগৰীত। কিন্তু ক’ৰোনাৰ প্ৰতিৰোধী সকলো নিয়ম মানি চলিব লাগিব। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব সকলো জনতাই।

You might also like