নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু প্ৰতিকূলতাক নেওচি বাঘজান জুই নিৰ্বাপণৰ দিশে আগবাঢ়িছে এলাৰ্ট কোম্পানীৰ বিদেশী কাৰিকৰী দলটো

নিয়মীয়া বাৰ্তা, ২৩ জুলাই: বহু প্ৰতিকূল পৰিৱেশৰ মাজতে অইল বাঘজান বিজিআৰ-৫ গেছকূপৰ শীৰ্ষৰ পৰা আজি ৭১/১৬ ইঞ্চিযুক্ত অইল টিউবিং হেড স্পুল খুলিবলৈ সক্ষম হয় এলাৰ্ট কোম্পানীৰ বিদেশী বিশেষজ্ঞ দলটোৱে । এই প্ৰচেষ্টাৰ পাছতে অইল, অ.এন.জি.চি., এলাৰ্ট, শ্লামবাৰ্জাৰ আৰু অন্যান্য ঠিকাদাৰসকলৰ উপস্হিতিত কেপিং ষ্টেক (Capping Stack) স্থাপনৰ বাবে অন্তিম প্ৰস্তুতি অব্যাহত ৰাখিছে কাৰিকৰী দলটোৱে ।

বৰ্তমান চিৰামিক ব্লেংকেট (Ceramic Blanket) আৰু চিৰামিক কাপোৰেৰে (Ceramic Cloth) মেৰিয়াই ৰাখি সাজু কৰি তুলিছে কেপিং ষ্টেক । ইফালে কূপ আৱৰণ কাৰ্যৰ পৰৱৰ্তী পদক্ষেপ কিলিং অপাৰেচনৰ অন্তিম প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কিলিং ফ্লূইড ইতিমধ্যে মজুত ৰাখিছে ক্ষেত্ৰত ।

কিলিং অপাৰেচন সম্পূৰ্ণ হোৱাৰ পাছত কইল টিউবিং (Coil Tubing) কাৰ্য আৰু ব্ল-আউট প্ৰিভেন্টৰ স্থাপনৰ বাবে পৰিদৰ্শন কাৰ্যও ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ বিষয়ে অইলক অৱগত কৰিছে কাৰিকৰী দলটোৱে ।এই প্ৰচেষ্টাৰ পাছতেই সংহাৰী জুইকুৰা নিৰ্বাপণৰ এঢাপ আগুৱাই যাব অইল ইণ্ডিয়া লিমিটেড ।

জুই নিৰ্বাপণৰ প্ৰচেষ্টাৰ আৰম্ভণিতে কালি টিউবিং হেড স্পুলৰ নট বল্ট (Stud) খুলি থকা অৱস্হাত হঠাৎ সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ ফলত তিনিজনকৈ বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হৈছিল । ডিব্ৰুগড় আস্হা হাস্পতালত তিনিওকে চিকিৎসা প্ৰদানৰ পাছত চিকিৎসকে সংকটমুক্ত ঘোষণা কৰাত কালিয়েই ডিব্ৰুগড় আস্হাৰ পৰা দুলীয়াজান অইল গেষ্ট হাউচলৈ উভটি আহে দলটো । আজি পুৱাভাগত গেষ্ট হাউচত তিনি আঘাতপ্ৰাপ্ত বিশেষজ্ঞক দুলীয়াজান অইল চিকিৎসকে সাক্ষাৎ কৰি তেওঁলোকৰ সুস্হতাৰ সন্দৰ্ভত নিশ্চিত কৰে ।

আনহাতে বাঘজান ক্ষেত্ৰস্হলীৰ কৰ্মশালাত প্ৰয়োজন অনুসৰি সা-সৰঞ্জাম নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । অপাৰেচনৰ সময়ত জলাশয়ৰ পৰা কূপলৈ পানী ছটিয়াবৰ বাবে ৬ টাকৈ উচ্চ নিৰ্গমণ চি.এম.টি. ৱাটাৰ পাম্প ক্ষেত্ৰস্হলীত কাৰ্যৰত অৱস্হাত আছে । নিয়মিত সময়ৰ ব্যৱধানত জলাশয় দুটাত পানী ভৰাই থাকিবলৈ আন ৮ টাকৈ ৱাটাৰ পাম্প উপলব্ধ ।

ইফালে ক্ষতিপূৰণৰ বাবে তিনিচুকীয়া আৰু ডুমডুমা চক্ৰৰ অধীনস্হ ক্ষতিগ্ৰস্হ অঞ্চল সমূহৰ মূল্যায়ন কাৰ্য অব্যাহত আছে । কালি অৰ্থাৎ ২২ জুলাই পৰ্যন্ত ডুমডুমা আৰু তিনিচুকীয়া চক্ৰত সৰ্বমুঠ ১৯০৬ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ মূল্যায়ন কাৰ্য সম্পন্ন হৈছে ।

ইফালে যোৱা ৭ জুলাই পৰা অৱৰোধ কাৰ্য অব‍্যাহত ৰখাৰ ফলত বাঘজান ই.পি.এচ.ৰ অধীনৰ কেইবাটাও তেল আৰু গেছ কূপৰ কাম-কাজ বন্ধ হৈ আছিল । কালিৰে পৰা অৱৰোধ কাৰ্য কিছু শিথিল হোৱাত আংশিক কাম কাজ আৰম্ভ হৈছে । সেইদৰে প্ৰতিবাদী জনতাৰ দাবীত অইলৰ ড্ৰিলিং আৰু ৱৰ্ক-অভাৰ ক্ষেত্ৰতো অৱৰোধ কাৰ্য অব্যাহত আছে । অৱশ্যে কালি এটা ৱৰ্কঅভাৰ ক্ষেত্ৰৰ পৰা অৱৰোধ কাৰ্য উঠাই লোৱা হৈছে । ইয়াৰ মাজতে দুটা ড্ৰিলিং ক্ষেত্ৰ আৰু তিনিটা ৱৰ্কঅভাৰ ক্ষেত্ৰৰ কাৰ্য একেলেথাৰিয়ে বন্ধ হৈ থকাৰ ফলত অইলৰ উৎপাদনৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি হৈছে ।

ক্ষোভিত জনতাৰ দাবী-প্ৰতিবাদৰ ফলত ২২ জুলাইত লাভ কৰা অইলৰ তথ্য অনুসৰি ৩১০ মেট্ৰিক টন (MT) খাৰুৱা তেল আৰু ১.১৭ নিযুত মেট্ৰিক ঘন মিটাৰ (MMSCM) প্ৰাকৃতিক গেছৰ উৎপাদনত লোকচানৰ সন্মুখীন হৈছে অইল । ইয়াৰে ১০ টা তেল কূপ আৰু ৫ টা গেছ কূপৰ কাম বাধাপ্ৰাপ্ত হৈছে ।

আনহাতে ২৭ মে’ত বাঘজান বিজিআৰ-৫ ত সংঘটিত ব্ল-আউট আৰু পৰৱৰ্তী অগ্নিকাণ্ডৰ ঘটনাক্ৰমে আজিপৰ্যন্ত বিভিন্ন বন্ধ আৰু অৱৰোধ সমূহৰ ফলত খাৰুৱা তেলৰ লোকচান হৈছে সৰ্বমুঠ ১৫৯০০ মেট্ৰিক টন (MT) আৰু প্ৰাকৃতিক গেছৰ লোকচান হৈছে সৰ্বমুঠ ৩৫.১৭ নিযুত মেট্ৰিক ঘন মিটাৰ(MMSCM) ।

You might also like