নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPPL নে BPF ! বিজেপিয়ে খুলিব মিত্ৰতাৰ দুৱাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ আগন্তুক বিটিচি নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক ধুমুহা বলিছে বড়োভূমিত । ইউপিপিএল আৰু বিপিএফৰ মাজত চূড়ান্ত বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসে ব্যক্ত কৰিলে মিত্ৰতাৰ প্ৰসংগ । তেজপুৰত উপস্থিত হৈ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে, বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতাৰ হাত আগবঢ়োৱাটো নিশ্চিত কিন্তু এই সন্দৰ্ভত কৰা সৈতে মিত্ৰতা সেয়া অহা ২৯ ফেব্ৰুৱাৰীত হে পোহৰলৈ আহিব ।

উল্লেখ্য যে, বিগত সময়ছোৱাত বিপিএফৰ সৈতে মিত্ৰতা কৰা বিজেপিয়ে এইবাৰ নতুন দলে বিচাৰিলেও মিত্ৰতাৰ হাত আগবঢ়াব পাৰে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে । আগন্তুক দিনত বিটিএডিৰ উন্নয়ন আৰু সুস্থিৰ চৰকাৰ গঠন কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চেষ্টা অব্যাহত ৰাখিব বুলিও কয় সভাপতিগৰাকীয়ে ।

You might also like