নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ প্রতিশ্রুতিৰে ইউপিপিএলৰ ইস্তাহাৰ মুকলি

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বিপিএফৰ পোন্ধৰ বছৰীয়া দুর্নীতিৰাজ, কমিছনৰাজ আৰু হাগ্রামাৰ একনায়কত্ববাদ উছন কৰি বিটিআৰত ইউপিপিএলৰ নেতৃত্বত পৰিষদীয় চৰকাৰ গঠন কৰাৰ হুংকাৰ দিছে প্রমোদ বডোৱে৷ ইউপিপিএলে বিটিআৰৰ চাৰি জিলাৰ বিভিন্ন অঞ্চলত তীব্র নির্বাচনী প্রচাৰ সভা–সমিতি আৰু জিলা আৰু মহকুমা ভিত্তিত ধাৰাবাহিক মটৰচাইকেল সমদল উলিয়াই ভোটাৰ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ আজি কোকৰাঝাৰ জিলাৰ ছালাকাটি হাইস্কুল খেলপথাৰৰ পৰা ইউপিপিএলে সহস্রাধিক মটৰচাইকেলৰ এক বিশাল সমদল উলিয়ায়৷ ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ নেতৃত্বত উলিওৱা সমদলটো ছালাকাটি হাইস্কুল খেলপথাৰ প্রাংগণৰ পৰা ছালাকাটি বজাৰ পথেৰে কালীপুখুৰী, মুৰাবাৰী, কাৰীগাঁও ৩১নং ৰাষ্ট্রীয় ঘাইপথেদি বালাজান তিনালি, ছিম্বৰগাঁও, দেৱৰগাঁও, আফলাগাঁও, ৰাম্ফলবিল, ছেৰফাংগুৰি, দোতমা, ফকিৰাগ্রাম, মাগুৰমাৰী আৰু কোকৰাঝাৰ চহৰৰ মাজেদি নায়েকগাঁও, ধীৰবিল হৈ ওৱাবাৰীত সামৰণি পৰে৷ ইপিনে মটৰচাইকেল সমদলৰ মাজতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াস্থিত জে ডি ৰোডৰ বাজৈ হোটেলৰ কাষত স্থাপন কৰা যুৱ ইউপিপিএলৰ কার্যালয়ত ইউপিপিএলৰ কেন্দ্রীয় সভাপতি প্রমোদ বডোৱে বিটিআৰ নির্বাচন উপলক্ষে দলটোৱে প্রস্তুত কৰি উলিওৱা ভিজন ডকুমেণ্ট অর্থাৎ নির্বাচনী ইস্তাহাৰ মুকলি কৰে৷ ইস্তাহাৰ মুকলিৰ সৈতে সংগতি ৰাখি আয়োজিত এখন সংবাদ মেলত সভাপতি বডোৱে কয় যে ইউপিপিএলৰ নির্বাচনী ইস্তাহাৰখনত সন্নিৱিষ্ট বিষয়সমূহৰ জৰিয়তে অঞ্চলটোৰ প্রতিটো জাতি–জনগোষ্ঠী, ভাষা–ভাষী আৰু ধর্মাৱলম্বী লোকৰ আশা–আকাংক্ষা পূৰণ হ’ব৷ যোৱা পোন্ধৰটা বছৰত বিটিচি পৰিষদীয় অঞ্চলৰ ৰাইজে সম–মর্যাদা আৰু সম–ধিকাৰ পোৱাৰ পৰা বঞ্চিত হৈছে বুলি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি বডোৱে কয় যে বিপিএফৰ শাসনৰ কালছোৱাত অঞ্চলটোৰ জাতি–জনগোষ্ঠী শোষিত, লাঞ্ছিত, বঞ্চিত হৈছে৷ নিজৰ নিজৰ অধিকাৰ লাভৰ পৰা বঞ্চিত হৈছে৷ বিপিএফৰ এনে লাঞ্ছনা, শোষণ আৰু বঞ্চনাৰ পৰা মুক্ত কৰি অঞ্চলটোৰ সর্বশ্রেণীৰ ৰাইজক এক সু–শাসন প্রদান কৰাটোৱে ইউপিপিএলৰ মূল উদ্দেশ্য৷ বিটিআৰ চুক্তিৰ পিছত অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ সর্বদিশত উন্নয়ন অনাৰ বাবে কাম কৰিবলৈ আমি প্রতিশ্রুতিবদ্ধ৷ তদুপৰি চুক্তিখনে বিগত কেইবাদশক ধৰি মূৰ দাঙি থকা উগ্রপন্থীৰ সমস্যা নোহোৱা কৰি অঞ্চলটোৰ জনসাধাৰণৰ জীৱন, সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিলে৷

বিটিচি অঞ্চল আজি হিংসামুক্ত হ’ল৷ অৰণ্যত অস্ত্র–শস্ত্রৰে সহাৱস্থান কৰা বিদ্রোহীসকল সমাজৰ মূলসুঁতিলৈ প্রত্যাৱর্তন কৰি সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত হৈ পৰাৰ লগে লগে শান্তি স্থাপন হ’ল বুলি উল্লেখ কৰে ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে৷ পৰিৱর্তনৰ এক নতুন বিপ্লৱৰ সূচনা কৰিবলৈ ইউপিপিএল বিটিআৰ অঞ্চলৰ জনসাধাৰণৰ কাষত সদায় থিয় দিব বুলি বডোৱে সদৰী কৰিছে৷ উল্লেখ্য যে আজি ইউপিপিএলে মুকলি কৰা ইস্তাহাৰত অঞ্চলটোৰ শান্তি, ঐক্য, সংহতি স্থাপন, সকলো জাতি–জনগোষ্ঠীৰ বাবে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, শৈক্ষিক সমস্যাসমূহ সমাধান কৰা, মানৱ সম্পদ উন্নয়ন, স্বাস্থ্য সেৱা, কৌশল উন্নয়ন আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান, স্বচ্ছ বিটিআৰ অভিযান, সংবাদ মাধ্যম আৰু সংবাদকর্মীৰ কল্যাণ, পেন্সন প্রদান, সাংবাদিকসকলৰ কল্যাণৰ বাবে দহ কোটি টকাৰ সাংবাদিক কল্যাণ নিধি গঠন, বিটিআৰৰ সদৰত সাংবাদিক কলনী স্থাপন, কৃষি উন্নয়ন, হস্ততাঁত আৰু বস্ত্রশিল্প উন্নয়ন, ঐতিহ্য আৰু সংস্কৃতি ৰক্ষার্থে বিভিন্ন স্থানত বিশিষ্ট বৰেণ্য ঐতিহাসিক–পৌৰাণিক বীৰ–বীৰাংগনাৰ আবক্ষ মূর্তি স্থাপন, মহিলা সবলীকৰণ, দুর্যোগ প্রশমন, ক্রিয়াৰ উন্নয়ন সাধন, পৰিৱেশ, বন আৰু বতৰ পৰিৱর্তনৰ ওপৰত বিশেষ অগ্রাধিকাৰসহ অর্থনৈতিক উন্নয়ন মণ্ডলৰ জৰিয়তে পর্যটনৰ প্রসাৰ কৰা, আন্তঃগাঁথনি, ঔদ্যোগিক উন্নয়ন, সামাজিক উন্নয়ন, বিশেষ সমূহীয়া উন্নয়নৰ পদক্ষেপ, জলনীতি আদি প্রতিটো ক্ষেত্রতে ইউপিপিএলে জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰিছে৷ প্রণিধানযোগ্য যে আজিৰ ইস্তাহাৰ মুকলি অনুষ্ঠানত সভাপতি প্রমোদ বডোৰ উপৰি ইউপিপিএলৰ অন্যতম সম্পাদক ক্রমে ৰাজু নার্জাৰী, উইলছন হাসদা, উপ–সভানেত্রী প্রতিভা ব্রহ্মৰ লগতে দলটোৰ কেইবাগৰাকীও শীর্ষ নেতৃবৃন্দ উপস্থিত থাকে৷

You might also like