নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০.৩০ বজালৈকে হোৱা ভোটগণনা অনুসৰি ১৯টাকৈ সমষ্টিত আগবাঢ়িছে UPPL

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ ইতিমধ্যে ১০টা ষ্ট্রং ৰুমত বন্দী হৈ থকা ২৪১জন প্রার্থীৰ ভাগ্য নির্ণিত কৰাৰ বাবে আজি পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোটগণনা৷

পুৱা ১০.৩০ বজালৈকে হোৱা ভোটগণনা অনুসৰি BTC নিৰ্বাচনৰ ফলাফল। ১৯টাকৈ সমষ্টিত আগবাঢ়িছে ইউপিপিএল।

১০ টা সমষ্টিত আগবাঢ়িছে বিপিএফ। বিপৰীতে ১৯ টা সমষ্টিত আগবাঢ়ি আছে ইউপিপিএল। ইপিনে বিজেপিয়ে দুটা সমষ্টিত অগ্ৰগতি লাভ কৰিছে। ইফালে এটা সমষ্টিতো অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছ-এআইইউডিএফ। লগতে নৱ শৰণীয়া নেতৃত্বাধীন গণ শক্তিৰো নাই কোনো অগ্ৰগতি।

আনহাতে দেৱৰগাঁৱত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰী আৰু চিৰাংদোৱাৰত আগবাঢ়ি আছে খাম্পা বৰগঞাৰী। দুয়োজন মুখ্য কাৰ্যবাহী বিষয়া এই মূহুৰ্তলৈকে আগবাঢ়ি আছে।

উল্লেখ্য যে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে এইবাৰ ৩১খন আসন দখল কৰিব বুলি দাবী তোলাৰ বিপৰীতে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱেও ৩০খন আসন দখলৰ দাবী তুলিছে৷ কিন্তু অৱশেষত কোনে আচলতে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া যথেষ্ট উৎকণ্ঠাৰে বাট চাই ৰৈছে বিটিচিবাসীৰ লগতে ৰাজ্যবাসীয়েও৷

You might also like