নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ নেন’ ইউৰিয়া অসমলৈ প্রেৰণ প্রক্রিয়াৰ ফ্লেগ অফ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত শনিবাৰে আয়োজিত এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ইণ্ডিয়ান ফার্মার্ছ ফার্টিলাইজাৰ কো–পাৰেটিভ লিমিটেড (ইফ্কো)ৱে প্রস্তুত কৰা নেন’ ইডৰিয়া প্রথমবাৰৰ বাবে অসমলৈ প্রেৰণ প্রক্রিয়াৰ ভার্চুৱেলী ফ্লেগ অফ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে বিশ্বত প্রথমবাৰৰ বাবে ইফ্কোৱে নেন’ ইডৰিয়া টেকন’লজী উদ্ভাৱন কৰিছে, যি কৃষিক্ষেত্রত প্রয়োগৰ ক্ষেত্রত পৰম্পৰাগত ইডৰিয়াৰ শক্তিশালী বিকল্প হৈ উঠিব বুলি আশা কৰা হৈছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই ইফ্কোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰে৷

এই অসামান্য সাফল্যৰ বাবে তেওঁ সংস্থাটোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও কৃষি খণ্ডৰ আমূল পৰিৱর্তন সাধনত ই নির্ণায়ক প্রদর্শন আগবঢ়াই যাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে৷ দেশৰ কৃষকসকলৰ সর্বাংগীণ কল্যাণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লক্ষ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৯–২০ বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰে মাথোঁ ইডৰিয়াৰ ৰাজসাহায্য হিচাপেই ৫৫ হাজাৰ কোটি টকা ব্যয় কৰিছে৷

নেন’ ইডৰিয়াৰ উদ্ভাৱনে ৰাজকোষৰ এই বৃহৎ পুঁজি বচোৱাত সহায়ক হ’ব৷ নেন’ ইডৰিয়াৰ ৫০০ মিলিলিটাৰযুক্ত মাথোঁ এটা বটলেই ৪৫ কিলোগ্রামযুক্ত পৰম্পৰাগত ইডৰিয়াৰ এটা বেগৰ সমান পুষ্টি যোগান ধৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত সাৰৰ পৰিবহণ, মজুতকৰণ আদিৰ ব্যয়ো যথেষ্ট পৰিমাণে হ্রাস পাব৷ দেশৰ সাধাৰণ কৃষকসকলৰ কল্যাণৰ স্বার্থত ইফ্কোৱে উদ্ভাৱন কৰা এই মূল্যৱান প্রযুক্তি দেশৰ অন্যান্য ৰাজহুৱা খণ্ডৰ ডদ্যোগকো প্রদান কৰি সংস্থাটোৱে প্রদর্শন কৰা উদাৰতাৰো তেওঁ বিশেষভাৱে শলাগ লয়৷

নিজৰ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই অসমত নেন’ ইডৰিয়া ডৎপাদনৰ এক প্রকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ ইফ্কোৰ প্রতি আহ্বান জনায়৷ ৰাজ্যখনত মাজে–সময়ে দেখা দিয়া ইডৰিয়া আৰু অন্যান্য সাৰৰ ব্যাপক নাটনিৰ প্রসংগ উল্লেখ কৰি এই দিশত বিশেষ চকু দিয়াৰ লগতে ৰাজ্যৰ কৃষকসকললৈ ৰাসায়নিক সাৰৰ সুষম আৰু নিয়মীয়া যোগান সুনিশ্চিত কৰাৰ বাবে সাৰ বিতৰণ প্রক্রিয়াটো সুশৃংখলিতকৰণৰ পদক্ষেপ ল’বলৈও তেওঁ ইফ্কোক আহ্বান জনায়৷ শনিবাৰৰ অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰা আৰু ইফ্কোৰ পৰিচালন সঞ্চালক ড০ ডদয় শংকৰ অৱস্তীয়েও ভাষণ প্রদান কৰে৷

ইফ্কোৰ অধ্যক্ষ বলবিন্দৰ সিং নাকাইয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়ায় ইফ্কোৰ ডপাধ্যক্ষ দিলীপ সাংহানীয়ে৷ এই ভার্চুৱেল ফ্লেগ অফ অনুষ্ঠানত ডদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রীৰ ৰাজনৈতিক ডপদেষ্টা জয়ন্ত মল্ল বৰুৱা, ইফ্কোৰ ৰাজ্যিক বিপণন প্রবন্ধক (ডত্তৰ–পূব) অজিত ভট্টাচার্যৰ লগতে সংস্থাটোৰ বহুকেইগৰাকী বিষয়ববীয়া ডপস্থিত থাকে৷

You might also like