নিয়মীয়া বাৰ্তা, ঘিলাধাৰী, ৩১ মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহত এতিয়া নতুন শিক্ষা বৰ্ষ আদৰিবলৈ ‘উৎসৱ বিদ্যাৰম্ভ’ আৰম্ভ হোৱাত শিক্ষাৰ্থীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। ব্যতিক্ৰম ঘটা নাই গোলাঘাট পুব শিক্ষা খণ্ডৰ মাটিখোলা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহত। ছাত্ৰ-ছাত্ৰীৰ মাজত নতুন শিক্ষা বৰ্ষ আদৰিবলৈ উষাখৃষ্টান প্ৰাথমিক বিদ্যালয়তো এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে। সেইদৰে শিক্ষকদ্বয় আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকল গাঁৱে গাঁৱে গৈ ৰাইজক লগ ধৰি চৰকাৰী বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশৰ বিভিন্ন সা-সুবিধা যেনে- খেলা-ধূলা, বিনামূলীয়া কিতাপ-বহী, ইউনিৰ্ফম, দুপৰীয়াৰ আহাৰ, পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নৱোদয় বিদ্যালয়ত নামভৰ্তি সুবিধা, বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা আদি বিষয়ে অৱগত কৰি বিদ্যালয়ৰ মুখ নেদেখা, আধাতে বিদ্যালয় এৰা শিশুসকলক বিদ্যালয়মুখী কৰি নাম ভৰ্তি কৰিবলৈ অভিভাৱকসকলক বিনম্ৰ আহ্বান জনাইছে। চাহ জনজাতি অধ্যূষিত অঞ্চলটোৰ শিশুসকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপক, শিক্ষক দুগৰাকীৰ ভূমিকাক, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰসংশা কৰিছে।