বিশেষ বাৰ্তা, ২৫ জুলাইঃ ভাৰতীয় মিউচুৱেল ফাণ্ড উদ্যোগৰ পৰিসৰ যোৱা ৫ বছৰত দুগুণ বৃদ্ধি পাইছে৷ ভাৰতীয় এমএফ উদ্যোগৰ অগ্রণী প্রতিষ্ঠান ইউটিআই এছেট মেনেজমেণ্ট কোম্পানী লিমিটেডে প্রায় ছয় দশক ধৰি দেশৰ মূলধনী বজাৰৰ উন্নয়নত অৰিহণা যোগাই আহিছে৷ ২০২৩ চনৰ ৩০ জুনলৈ ঘৰুৱা মিউচুৱেল ফাণ্ডৰ ত্রিমাসিক গড এইউএম ২.৪৮ লাখ কোটি টকা হোৱাৰ লগে লগে ইউটিআই বিত্তীয় কেন্দ্র (ইউএফচি), মিউচুৱেল ফাণ্ড বিতৰক আৰু জিলা সহযোগীসকলৰ নেটৱর্কৰ জৰিয়তে দেশৰ অষ্টম বৃহত্তম মিউচুৱেল ফাণ্ড হাউছত পৰিণত হৈছে৷ শেহতীয়াকৈ ইউটিআই মিউচুৱেল ফাণ্ডে যোৱা ২১ জুলাইত ইউটিআই বেলেঞ্চড এডভাণ্টেজ ফাণ্ড মুকলি কৰিছে৷ এই পুঁজিৰ পৰিচালনা কৰিব শচীন ত্রিবেদী (ইকুইটী) আৰু অনুৰাগ মিত্তালে৷