উল্টাপানী ফৰেষ্ট ৰেঞ্জ কার্যালয় আক্রমণ ক্ষুব্ধ গঞাৰ, কার্যালয় লণ্ডভণ্ড
ৰাজ্যপালৰ কোকৰাঝাৰ ভ্রমণৰ সময়তে অঘটন
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ৰাজ্যপাল জগদীশ মুখীৰ কোকৰাঝাৰ জিলা ভ্রমণৰ সময়ছোৱাতে সোমবাৰে জিলাখনৰ ভাৰত–ভূটান আন্তঃৰাষ্ট্রীয় সীমান্তৰ দুই নং উল্টাপানী ৰেঞ্জৰ বন বিভাগৰ কার্যালয়ত এক আক্রমণৰ ঘটনা সংঘটিত হয়৷ প্রাপ্ত তথ্য মতে, সোমবাৰে দুপৰীয়া গাঁৱৰ প্রায় পঞ্চাশ–ষাঠীজনীয়া পুৰুষ–মহিলাৰ এটা বৃহৎ দলে অতর্কিতে কার্যালয়টোত আক্রমণ চলায়৷ ৰড, কুঠাৰ, দা, শিল আদিৰে দলটোৱে কার্যালয়টোৰ দুৱাৰ–খিৰিকী, চকী– মেজ, আচবাব–পত্র, চৰকাৰী নথি–পত্র আদি এফালৰ পৰা তচনচ কৰাৰ লগতে বন সুৰক্ষা কর্মীৰ চৰকাৰী আৰু ব্যক্তিগত ছয়খনকৈ বাহনৰ ক্ষতি কৰে৷ লগতে কার্যালয়টোও লণ্ডভণ্ড কৰে৷ আন এক সূত্রৰ পৰা জানিব পৰা মতে, কালি বন সুৰক্ষা কর্মীৰ এটা দলে গাঁৱখনৰ পৰা দুজন চোৰাং কাঠ সৰবৰাহকাৰীক গছ কটা যন্ত্রসহ আটক কৰিছিল যদিও সোমবাৰে স্থানীয় গাঁওবুঢ়াৰ সৈতে হোৱা আলোচনা–বিলোচনাৰ অন্তত দুয়োকে মুকলি কৰি দিয়া হয়৷ কিন্তু পৰৱর্তী সময়ত উক্ত ঘটনাৰ প্রতিক্রিয়া স্বৰূপে বন বিভাগৰ ৰেঞ্জ কার্যালয়টোত ক্ষুব্ধ গঞাই আক্রমণ চলায়৷ উক্ত লোকসকলৰ আক্রমণ ইমানেই ভয়ানক ৰূপ ধাৰণ কৰে যে আক্রমণকাৰীসকলে কার্যালয়টো কেৰাচিন ঢ়ালি জ্বলাই দিয়াৰ বাবেও উদ্যত হয়৷ উক্ত কার্যালয়টোত ঘটনাৰ সময়ত মাথোঁ ৯গৰাকীহে বন সুৰক্ষা কর্মী আছিল৷ বনকর্মীসকলে কিছুদূৰৈত থকা সেনাবাহিনীৰ শিবিৰলৈ দৌৰি দৌৰি গৈহে কোনোমতে প্রাণ বচাবলৈ সক্ষম হয়৷ পাছত ঘটনাৰ বিষয়ে জানিব পাৰি সেনা–আৰক্ষী আৰু বন সুৰক্ষা কর্মীৰ আন এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আনে৷ লগতে কার্যালয় আক্রমণ কৰি থকা আঠগৰাকী ব্যক্তিক এই বাতৰি যুগুতোৱালৈকে আটক কৰি কোকৰাঝাৰ সদৰ থানালৈ অনা হৈছে৷ ক্ষতিগ্রস্ত বাহনসমূহৰ ভিতৰত এ এছ–২৬ এ–৪৯২২৮ নম্বৰৰ এখন ৱেগনাৰ, এ এছ–১৬ বি–৩৯২৮ নম্বৰৰ এখন ৰিনোল্ট, এ এছ–২৬ এ–৯৮২৩ নম্বৰৰ এখন বলেৰ’, এ এছ–০১ ৱাই–২৫৪৭ নম্বৰৰ এখন মটৰচাইকেল, এ এছ–১৬ জি–৩৯২৯ নম্বৰৰ এখন স্কুটী আৰু এ এছ–১৬ বি–৯৪৫২ নম্বৰৰ আন এখন বাহনৰো ক্ষতি কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে এইপর্যন্ত উল্টাপানী ৰেঞ্জৰ বিষয়া কোকৰাঝাৰলৈ আহি পোৱা নাই৷