নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ অপৰিহার্যতা দোহাৰিলে মন্ত্রী কলিতাই

‘উন্নয়নৰ অন্য এটা নাম হিমন্ত বিশ্ব শর্মা’

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইদিনমান পূর্বে টুইটাৰযোগে আসন্ন বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি প্রকাশ কৰাৰ পিছতেই শাসক দল বিজেপিত মহা আলোড়নৰ সৃষ্টি হৈছে৷ শাসকীয় বিজেপিৰ লগতে মিত্রদল বিপিএফ আৰু অগপৰ বিভিন্নজন নেতাই ৰাজ্যখনৰ উন্নয়নৰ স্বার্থতে মন্ত্রী ড০ শর্মাক সেই সিদ্ধান্ত পৰিহাৰ কৰি আসন্ন বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছে৷ শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত অনুৰূপ আহ্বান জনায় জলসিঞ্চন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী তথা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী ভৱেশ কলিতাই৷ ড০ শর্মাই অহা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘উন্নয়নৰ অন্য এটা নাম ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁৰ যথেষ্ট দক্ষতা আছে৷ যোৱা ২০ বছৰ ধৰি তেওঁ মন্ত্রী হৈ আছে৷ চৰকাৰখন তেওঁৰ নখদর্পণত আছে৷ আটাইকেইটা বিভাগ তেওঁৰ নখদর্পণত৷ ২০০১ চনৰ পৰা অসমক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে৷ তেওঁ চৰকাৰৰ সকলো বিষয় ভালদৰে আয়ত্ত কৰি লৈছে৷ সেয়ে তেওঁ আসন্ন বিধানসভা নির্বাচনত নির্বাচন খেলিবই লাগিব৷’ মন কৰিবলগীয়া এয়ে যে মন্ত্রী ড০ শর্মাৰ গৃহ সমষ্টি জালুকবাৰীতো ইতিমধ্যে জনসাধাৰণৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সমষ্টিবাসী জনসাধাৰণেও সংঘবদ্ধভাৱে বিচাৰিছে তেওঁ অহা নির্বাচনত অৱতীর্ণ হ’বই লাগিব৷ তেওঁ নির্বাচনত অৱতীর্ণ নহ’লে সমষ্টিবাসীয়ে ভোট বর্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্রহণৰো হুংকাৰ দিছে৷ আজি মুখ্যমন্ত্রীৰ সৈতে শুৱালকুছি ভ্রমণ কালতো সমষ্টিবাসী ৰাইজে মন্ত্রী ড০ শর্মাক অহা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ যি সিদ্ধান্ত গ্রহণ কৰিছে সেয়া পৰিহাৰ কৰাৰ দাবী জনায়৷

You might also like