মুখ্যমন্ত্রীয়ে নিজেই ভোটকেন্দ্রত বাহৰ পাতি তদাৰক কৰিব টিকাকৰণ
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ৰাজ্যত এশ শতাংশ ক’ভিড টিকাকৰণ সম্পূর্ণ কৰাৰ বাবে ২৭ নৱেম্বৰৰ সময়সীমা বান্ধি লৈছে স্বাস্থ্য বিভাগে৷ মেগা টিকাকৰণ অভিযানৰ লক্ষ্যৰে ইতিমধ্যে ৮ নৱেম্বৰৰ পৰা ঘৰে ঘৰে পদার্পণ কার্যসূচী আৰম্ভ কৰা স্বাস্থ্য বিভাগে ৰাজ্যৰ প্রতিখন জিলাত টিকাকৰণ সম্পূর্ণ কৰাৰ বাবে গ্রহণ কৰিছে এলানি বিশেষ ব্যৱস্থা৷ এই ব্যৱস্থাৰ প্রথম পদক্ষেপ হিচাপে ৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ক’ভিড প্রতিষেধক প্রদান অভিযান জোৰদাৰভাৱে অব্যাহত ৰখাৰ সমান্তৰালকৈ প্রত্যেক ভোটকেন্দ্র এলেকাতে স্বাস্থ্যকর্মী, আশাকর্মী, অংগনৱাড়ী কর্মী, গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত এটা দলে প্রতিটো পৰিয়ালৰ প্রতিগৰাকী সদস্যৰে ক’ভিড প্রতিষেধক গ্রহণৰ বিষয়ে জৰীপ চলাই ভোটকেন্দ্রভিত্তিক প্রতিবেদন দাখিল কৰিব৷
দ্বিতীয় পদক্ষেপ হিচাপে অহা ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্রী, বিধায়ক, সাংসদ, মুখ্য সচিবৰ লগতে সকলো অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব, আয়ুক্ত সচিব, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকলে একোটাকৈ ভোটগ্রহণ কেন্দ্রত বাহৰ পাতি উক্ত অঞ্চলত এশ শতাংশ ক’ভিড প্রতিষেধক প্রদানৰ সকলো দিশ তদাৰক কৰাৰ লগতে অঞ্চলটোত ক’ভিড প্রতিষেধক সম্পূর্ণ হোৱাটো সুনিশ্চিত কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ নির্দেশত স্বাস্থ্য বিভাগে আৰম্ভ কৰা এই মেগা টিকাকৰণ প্রক্রিয়া সফল কৰি তুলিবলৈ কালি সকলো জিলাৰ উপয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ মুখ্যমন্ত্রীয়ে নতুন দিল্লীৰ পৰা আৰু স্বাস্থ্যমন্ত্রীয়ে গুৱাহাটীৰ এন এইচ এমৰ ৰাজ্যিক কার্যালয়ৰ পৰা অংশগ্রহণ কৰা এই কনফাৰেঞ্চত মুখ্যমন্ত্রীয়ে সকলো উপায়ুক্ত–আৰক্ষী অধীক্ষকক নিজ নিজ জিলাত এশ শতাংশ ক’ভিড প্রতিষেধক প্রদানৰ লক্ষ্য সম্পূর্ণ কৰাৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিবলৈ নির্দেশ দিয়ে৷ মন কৰিবলগীয়া যে ৰাজ্যত এতিয়ালৈ ৯৬ শতাংশ লোকক ক’ভিডৰ প্রথম পালি ভেকচিন প্রদান কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ লক্ষ্য ২.১০ কোটি লোকক প্রথম পালি ভেকচিন প্রদান কৰা