নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ দুলীয়াজানৰ কাষৰীয়া ভাদৈ নগাজান অঞ্চলত আজি বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় স্থানীয় এজন যুৱক । বৰ্তমান মৃত্যুৰ সৈতে যুঁজি থকা যুৱকজন অজিত গড় (২৩) বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত খৱৰ অনুসৰি আজি বিঃয়লি প্ৰায় ৩.৩০ বজাত ডিগবৈ বন সংমণ্ডলৰ অধীনস্হ লক্ষীপথাৰ বনাঞ্চলৰ কাষৰীয়া নগাজান জংঘলত খৰি-শাক বিচাৰিবলৈ বুলি যাওঁতে হঠাৎ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে জখম হয় উক্ত যুৱকজন । স্থানীয় লোকে সংকটজনক অৱস্থাত যুৱকজনক ব্যক্তিগত বাহনত স্থানীয় চৰকাৰী বকুলনী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।
ঘটনাস্থলীত কোনো বন বিভাগৰ কৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ তুলি ৰাইজে ক্ষোভ উজাৰিছে । ইফালে হস্তী-মানুহৰ সংঘাতৰ ঘটনাক লৈ ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক মনোজ উৰাং আৰু আঞ্চলিকৰ সম্পাদক নিকলাছ উৰাঙে বন বিভাগৰ লেহেমীয়া কামকাজক তীব্ৰ সমালোচনা কৰাৰ লগতে আহত দৰিদ্ৰ যুৱকজনক বিনামূলীয়া চিকিৎসা প্ৰদান আৰু উচিত ক্ষতিপূৰণৰ দাবী জনাইছে।