নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ চিৰাং জিলাৰ বিজনীৰ ৪ নং ময়নাগুৰীত আৰক্ষীৰ অভিযান। চিৰাং জিলা আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী আৰক্ষীয়ে চলোৱা অভিযানটোত এটা ফেক্টৰী নিৰ্মিত HK ছিৰিজৰ ৰাইফল, এটা মেগজিন আৰু ১০ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অস্ত্ৰখিনি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। কোনে এনেদৰে বন্দুকসহ মেগজিন আৰু গুলি পুতি থৈছিল সেয়া জানিব পৰা হোৱা নাই যদিও কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্যই উক্ত অঞ্চলত মাটিত পুতি থৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে কেছ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ যাব বুলি জানিব পৰা গৈছে।
Prev Post
You might also like