নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ প্ৰবীণ সাংবাদিক অমৰেন্দ্ৰ নাথ ৰায়ৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ধুবুৰীৰ প্ৰবীণ সাংবাদিক, বিশিষ্ট শিক্ষক অমৰেন্দ্ৰ নাথ ৰায় আৰু নাই। যোৱাকালি গুৰগাঁৱত মৃত্যু হয় তেওঁৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ। দীৰ্ঘ বহু বছৰৰ পৰা তেওঁ হৃদজনিত ৰোগত ভুগি আছিল। উল্লেখ্য যে তেওঁৰ একমাত্ৰ পুত্ৰ গুৰগাঁৱত কৰ্মৰত। ধুবুৰীৰ সামাজিক ক্ষেত্ৰখনত অমৰ বাবু বুলি পৰিচিত আছিল তেওঁ। ১৯৪১ চনৰ ১৫ এপ্ৰিলত জন্ম সভা প্ৰয়াত ৰায়ে ধুবুৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষালাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শিশু পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ সমান্তৰালকৈ ৯০ৰ দশকৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত “সময় প্ৰৱাহ” নামৰ বঙালী মাধ্যমৰ কাকত এখনত সাংবাদিকতাও আৰম্ভ কৰিছিল। কাকতখন বন্ধ হোৱাৰ আগলৈকে প্ৰয়াত ৰায়ে সাংবাদিকতা কৰি আছিল। তেওঁ দীৰ্ঘ বহু বছৰ ধুবুৰী সংবাদিক সংস্থাৰ সভাপতিৰ দায়িত্বতো আছিল। ধুবুৰীত তেওঁৰ গল্প, পাঠ্যপুথি আৰু বিভিন্ন পত্ৰিকাকে ধৰি ষ্টেচনাৰীৰ সামগ্ৰীৰ “পপুলাৰ ষ্ট’ৰ্চ” নামৰ জনপ্ৰিয় ব্যৱসায়িক প্ৰতিষ্ঠানো আছে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-কন্যা আৰু অসংখ্য গুণমুগ্ধক এৰি যায় তেওঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like