বইটামাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ লাটমণ্ডল গেন্দু নাথ
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত আজি পুৱাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক তদাৰকী শাখাই অভিযান চলাই লাটমণ্ডল তথা ভাৰপ্ৰাপ্ত কাননগো গেন্দুমোহন নাথক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে কাৰ্যালয়টোৰ লাটমণ্ডলগৰাকীয়ে ভূমিৰ তথ্য শুধৰণিৰ নামত এগৰাকী ব্যক্তিৰ পৰা ধন দাবী কৰিছিল। পিছত অভিযোগকাৰী ব্যক্তিগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰাত আজি পুৱা মণ্ডলগৰাকীয়ে ধন লৈ থকা অবস্থাতে হাত লোটে আটক কৰে। পিচত লাটমণ্ডল গৰাকীক দুৰ্নীতি নিবাৰক শাখাই বইটামাৰী মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ জিন্মাত লয়। এই মণ্ডল গৰাকীক উৎকোচ নিদিলে কোনো কামেই নকৰে বুলি ৰাইজে অভিযোগ কৰিছে। উল্লেখ্য যে ভূমিসংক্ৰান্তীয় কামত উৎকোচ নিদিলে কোনো কাম সমাধা নোহোৱাৰ অভিযোগ থকা এই ৰাজহ চক্ৰ কাৰ্যালয়টোৰ আন এগৰাকী মণ্ডল কেইমাহ আগতে ভূমি জালিয়াতি কৰি গ্ৰেপ্তাৰ হৈছিল।
প্ৰেৰক ৰুবুল কান্তি দাস